ৰঙিয়া/গুৱাহাটীঃ বয়োজ্যেষ্ঠ নাগৰিক-ডেকা, যুৱক সকলোৱে ঠাণ্ডাৰ প্ৰকোপত জেকেট-চুৱেটাৰ পিন্ধি তত পোৱা নাই৷ হাৰ কপোৱা জাৰত মানুহ চিন্তাত পৰিছে৷ কিন্তু কণ কণ ছাত্ৰ-ছাত্ৰীক পকীৰ মজিয়াত বহি পঢ়িবলৈ বাধ্য কৰালে ভাৰতীয় সেনাই৷ সেনাই বন্ধ কৰিব খোজা এখন বিদ্যালয় ৰাইজে বন্ধ কৰিব নিদি হেঙাৰ হৈ থিয় দিয়াত সেনাৰ আক্ৰোশৰ বলি হৈছে কণ কণ ছাত্ৰ-ছাত্ৰী৷
সেনাই ৰাইজে কৰা প্ৰতিবাদৰ ক্ষোভ নিৰাময় কৰিছে কণ কণ ছাত্ৰ-ছাত্ৰীক ঠাণ্ডাত পকী মজিয়াত বহিবলৈ দি৷ ৰাজ পথত সেনাৰ লোক দেখিলেই কণ কণ ছাত্ৰ-ছাত্ৰীয়ে জয় হিন্দ বুলি কপালত হাত থৈ চালাম দিয়া সেনাই কণ কণ ছাত্ৰ-ছাত্ৰীৰ কথা এবাৰলৈ নাভাবিলে৷ সেনাই ছাত্ৰ-ছাত্ৰীৰ কথা চিন্তা নকৰাৰ ফল স্বৰূপে সেনাৰ বিদ্যালয়ত পকী মজিয়াত বহি পাঠদান কৰিব লগা হ’ল কণ কণ ছাত্ৰ-ছাত্ৰীয়ে৷