কোকৰাঝাৰঃ  যুৱ প্ৰজন্মৰ উশৃংখল চিন্তাধাৰা, মহিলাৰ নিৰাপত্তাৰ অভাৱ, নিচা জাতীয় দ্ৰব্য সেৱন আৰু অসমাজিক কাম কাজে সমাজখনকে বিপথে পৰিচালিত কৰাৰ সময়তে কিক বক্সিং সন্থাই যুৱ প্ৰজন্মৰ শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক বিকাশৰ বাবে প্ৰশিক্ষণৰ আয়োজন কৰিছে।

আজি কোকৰাঝাৰ প্ৰেছ ক্লাৱত আয়োজিত এক সংবাদমেলত বিটিএডি কিক্ বক্সিং সন্থাৰ সভাপতি নৃপেন্দ্ৰ চন্দ্ৰ ৰায় আৰু সাধাৰণ সম্পাদক মণ্টু ৰাজ বসুমতাৰীয়ে কয় যে সমৰ কলাৰ ক্ৰীয়াৰ দ্বাৰাই যুৱ-প্ৰজন্মৰ মন, মগজুৰ উৎকৰ্ষ সাধন আৰু সুস্থ মানসিকতা গঢ় দিব পাৰি।

যিহেতু সমৰ কলাৰ মূল মন্ত্ৰই হ'ল বৌদ্ধ ধৰ্মৰ অহিংসা আৰু আত্মৰক্ষা নীতি সেয়েহে সমৰ কলাৰ জৰিয়তে অহিংসাৰ প্ৰতি আনুগত্য বৃদ্ধি পায় আৰু তেনকৈয়ে ক্ৰমান্বয়ে যুৱচামে অসামাজিক কাম কাজৰ পৰা বিৰত থাকি সুস্থ সমাজ গঠনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে।

বিটিএডি কিক্ বক্সিং সন্থাই উক্ত গুৰুত্বপূৰ্ণ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি কোকৰাঝাৰত অহা ২০ জুনৰ পৰা এলানি প্ৰশিক্ষণ শিৱিৰৰ আয়োজন কৰিছে।

কোকৰাঝাৰৰ তিতাগুৰিৰ ইৰাকদাও ভৱনত অহা ২০ জুনৰ পৰা আৰম্ভ হ'বলগীয়া কিক বক্সিং প্ৰশিক্ষণ শিৱিৰত ভাগ লবলৈ ইচ্ছুক প্ৰাৰ্থীসকলক প্ৰপত্ৰ পুৰণ কৰিবলৈ আহ্বান জনাইছে সন্থাই।

অহা ৫ জুনৰ পৰা ১৫ জুনলৈ নামভৰ্তিৰ বাবে প্ৰ-পত্ৰ বিতৰণ কৰা হব বুলিও সদৰী কৰিছে সন্থাৰ সভাপতি নৃপেন্দ্ৰ চন্দ্ৰ ৰায় আৰু সাধাৰণ সম্পাদক মণ্টু ৰাজ বসুমতাৰীয়ে।