হংকংঃ 'সকলো জল্পনা-কল্পনাৰ অৱসান। অৱশেষত মৃত্যু হ’ল উত্তৰ কোৰিয়াৰ মহাপ্ৰতাপী শাসক কিম জং উনৰ!’ শুকুৰবাৰে নিশা এই বিস্ফোৰক বাতৰি পৰিৱেশন কৰিছে হংকং টিভিয়ে। অৱশ্যে এই বাতৰিৰ সপক্ষে বা বিপক্ষে কোনোধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই উত্তৰ কোৰিয়া অথবা মাৰ্কিন যুক্তৰাষ্ট্ৰই।

উত্তৰ কোৰিয়াৰ একনায়কত্ববাদী শাসকগৰাকীৰ শাৰীৰিক অৱস্থাৰ অৱনতি ঘটাৰ পিছতে দেশখনলৈ বিশেষজ্ঞ চিকিৎসকৰ এটি দলো প্ৰেৰণ কৰিছিল চুবুৰীয়া চীনে। উল্লেখ্য যে দুসপ্তাহ পূৰ্বে অস্ত্ৰোপচাৰ কৰা হৈছিল কিম জং উনৰ। ইয়াৰ পিছৰে পৰা নেতাগৰাকী স্বাস্থ্যৰ অধিক অৱনতি ঘটিছে বুলি বিশ্বৰ সংবাদ মাধ্যমসমূহে বাতৰি প্ৰকাশ কৰি আহিছে। দক্ষিণ কোৰিয়াৰ সংবাদ মাধ্যমতো বাতৰি প্ৰকাশ পাইছিল যে অস্ত্ৰোপচাৰৰ পিছতো কিম সংকটজনক অৱস্থাত চিকিৎসালয়তে আছে।

ইয়াৰ  মাজতে হংকং টিভিত শুকুৰবাৰে নিশাৰ ভাগত বাতৰি প্ৰকাশ পাই যে কিম জং উন আৰু নাই। বাতৰিটোৰ লগতে উত্তৰ কোৰিয়াৰ শক্তিশালী শাসকগৰাকীৰ মৃতদেহ কফিনত ৰখা হোৱা এখন ফটোও সম্প্ৰচাৰ কৰিছে হংকং টিভিয়ে। এই ফটোখনক লৈ বিশ্বৰ ৰাজনৈতিক মহলত দেখা গৈছে মতভেদ। একাংশ লোকে ফটোখন ফেক বুলিও দাবী কৰিছে। 

হংকং টিভিৰ বাতৰিটোত কোৱা হৈছে যে অত্যধিক ধূমপান, মেদবহুলতা আৰু একাধিক ৰোগত দীৰ্ঘদিন ধৰি আক্ৰান্ত হৈ আছিল কিম জং উন। এইবোৰৰ লগতে যোৱা সপ্তাহত হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰ কৰাৰ পিছতে অধিক অসুস্থ হৈ পৰে একনায়কত্ববাদী শাসকগৰাকীয়। চিকিৎসাধীন হৈ থকা বাবেই যোৱা প্ৰায় দুসপ্তাহ ধৰি তেওঁক জনসমাৱেশত দেখিবলৈ পোৱা হোৱা নাই বুলিও বাতৰিটোত কোৱা হৈছে।


 তলৰ বাতৰিটো পঢ়িবলৈ ফটোখনত ক্লিক কৰক

Click ►কৰ'নাৰ পিছত 'সুখ-দুখ আনকি প্ৰেম'ৰ ওপৰতো আপুনি হেৰুৱাব পাৰে অধিকাৰ!


তাৎপৰ্যপূৰ্ণ যে এমি সন্মানেৰে সন্মানিত মাৰ্কিন সাংবাদিক আডাম হিউছলেই হংকং টিভিৰ বাতৰিটোৰ প্ৰসংগ উল্লেখ কৰি কিম জং উনৰ মৃত্যু হোৱা বুলি কৰা টুইটত তেনে নামৰ হংকঙত কোনো ছেটেলাইট চেনেল নাই বুলি দাবী কৰিছে এজন টুইটাৰ ইউজাৰে। নিজকে হংকঙৰ নাগৰিক বুলি উল্লেখ কৰি পুন মি নামৰ টুইটাৰ ইউজাৰজনে কৈছে উক্ত নামৰ টিভি চেনেলৰ কথা তেওঁ শুনাই নাই। এনেদৰে এতিয়া ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে উত্তৰ কোৰিয়াৰ মহাপ্ৰতাপী শাসকগৰাকীৰ মৃত্যুৰ বাতৰি।

ইফালে, আন্তঃৰ্জাতিক সংবাদ মাধ্যমসমূহে দাবী কৰিছে যে কিমৰ পিছত দেশখনৰ শাসনৰ গাদীত বহিব তেওঁৰ ভগ্নী কিম ইয়ো জং। ভগ্নী জং বৰ্তমান কিম জং উনৰ মুখ্য পৰামৰ্শদাতা হিচাপে আছে। ২০১৮ চনত উত্তৰ কোৰিয়াৰ পলিটব্যুৰ’লৈকো মনোনীত হয় ভগ্নী জং। উত্তৰ কোৰিয়াৰ ৰাজনীতিত জঙেই দীৰ্ঘদিন ধৰি সৰ্বাধিক শক্তিশালী মহিলাৰ আখ্যা লাভ কৰি আহিছে।