গুৱাহাটীঃ কৰ’না ভাইৰাছৰ আতংক অব্যাহত থকাৰ মাজতে পৰ্ক প্ৰেমীসকললৈ দুখবৰ! লকডাউন অব্যাহত থকাৰ মাজতো ছ’চিয়েল মিডিয়াত বিগত সময়ছোৱাত বিশেষকৈ বিহুৰ কেইদিন বহুলোকে ঘৰুৱাভাৱে বা ওচৰ-চুবুৰীয়াৰ পৰা গাহৰিৰ মাংস কিনি তাৰ সোৱাদ লোৱাৰ ফটো আপলোড কৰি অহা পৰিলক্ষিত হৈছে যদিও আজিৰে পৰা তেনে কৰাৰ পূৰ্বে সকলোৱে দহবাৰ ভাবি চাবলৈ বাধ্য হ’ব।

বিগত সময়ছোৱাত ৰাজ্যখনৰ ভিন্ন প্ৰান্তত গাহৰিৰ ফাৰ্মসমূহত গাহৰিৰ অস্বাভাৱিক মৃত্যু হোৱালৈ চাই আজিৰে পৰা ইয়াৰ মাংস বিক্ৰীৰ ওপৰত সম্পূৰ্ণৰূপে নিষেধাজ্ঞা জাৰি কৰিছে ৰাজ্য চৰকাৰে। গাহৰিৰ মাংস বিক্ৰীৰ লগতে এই সময়ছোৱাত এঠাইৰ পৰা আন ঠাইলৈ গাহৰি সৰবৰাহৰ ক্ষেত্ৰতো নিষেধাজ্ঞা জাৰি কৰা হৈছে বুলিও শনিবাৰে এক সংবাদমেলযোগে সদৰী কৰে কৃষি মন্ত্ৰী অতুল বৰাই।

খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয়ত আয়োজিত সংবাদমেলত কৃষি আৰু পশুপালন বিভাগৰ মন্ত্ৰী বৰাই কয় ‘আজিৰে পৰা গাহৰিৰ মাংস বিক্ৰী কৰা দোকানসমূহ বন্ধ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। লখিমপুৰ, ধেমাজি, বিশ্বনাথ চাৰিআলি, যোৰহাট, শিৱসাগৰ আৰু ডিব্ৰুগড় জিলাৰ একাধিক ফাৰ্মত বহুসংখ্যক গাহৰিৰ অস্বাভাৱিক মৃত্যু হৈছে। এই পৰ্যন্ত জিলাকেইখনত মুঠ ১৯৬৪ টা গাহৰি মৃত্যুমুখত পৰাৰ খবৰ আমি লাভ কৰিছো সেয়ে জনস্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।’


 তলৰ বাতৰিটো পঢ়িবলৈ ফটোখনত ক্লিক কৰক

Click ►কৰ'নাৰ পিছত 'সুখ-দুখ আনকি প্ৰেম'ৰ ওপৰতো আপুনি হেৰুৱাব পাৰে অধিকাৰ!


মন্ত্ৰীগৰাকীয়ে আৰু কয় যে এই সময়ত ছ’ৱাইন ফ্লু হোৱালৈ চাই তাৰ প্ৰতিষেধক দিয়া হৈছিল যদিও বহু গাহৰি মৃত্যু হোৱাৰ পিছত আন কোনো ভাইৰাছ বা বীজাণুৱে আক্ৰমণ কৰাৰ সন্দেহ ঘনীভূত হৈ পৰিছে। বিষয়টো সন্দৰ্ভত নিশ্চিত হ’বলৈ মৃত গাহৰিৰ নমুনা ভূপাললৈ প্ৰেৰণ কৰা হৈছে বুলিও সংবাদমেলত জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে।
 
‘বিগত সময়ছোৱাত আমাৰ বিভাগে পশু চিকিৎসা মহাবিদ্যালয়ৰ লগত লগ লাগি এই ৰোগ চিনাক্ত কৰিবৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে। প্ৰতিখন জিলালৈকে ৫জনীয়া একোটাকৈ চিকিৎসকৰ দল প্ৰেৰণ কৰা হৈছিল আৰু তেওঁলোকে চেম্প’ল সংগ্ৰহ কৰিছে। আজিও মুখ্য মন্ত্ৰীৰ বাসগৃহত গাহৰি মৃত্যু সন্দৰ্ভত আমি বিশদভাৱে আলোচনা কৰিছো।’-গাহৰিপালকসকলক অধিক সতৰ্ক হ’বলৈ আৰু যিকোনো পৰিস্থিতিত কৃষি আৰু পশুপালন বিভাগৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনাই এইদৰে কয় মন্ত্ৰী বৰাই।

উল্লেখ্য যে, শনিবাৰে ৰঙানদীৰ খাৰ কাটি ফটা সুঁতি ঘাটৰ সমীপত প্ৰায় অৰ্ধ শতাধিক গাহৰিৰ মৃতদেহ প্ৰত্যক্ষ কৰে স্থানীয় লোকসকলে৷ অস্বাভাৱিকভাৱে মৃত্যু হোৱা গাহৰিসমূহ ফাৰ্মৰ গৰাকীয়ে এনেদৰে নদীৰ পানীত উটুৱাই দিয়াৰ কাৰ্যই জনস্বাস্থ্যলৈ ভাবুকি কঢ়িয়াই আনিব পাৰে উল্লেখ কৰি বিষয়টো সন্দৰ্ভত প্ৰশাসনক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে সচেতনমহলে।