Home ৰাজ্যকৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠানলৈ প্ৰফুল্ল কুমাৰ মহন্তক আমন্ত্ৰণ

কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠানলৈ প্ৰফুল্ল কুমাৰ মহন্তক আমন্ত্ৰণ

by News Desk
54 views
A+A-
Reset

newsnextone.com | ডিজিটেল ডেস্কঃ কৰ্ণাটকৰ বিজেপিৰ মুখ্যমন্ত্ৰী য়েদুয়াৰাপ্পাই শনিবাৰে আস্থা ভোটৰ পূৰ্বেই পদত্যাগ কৰাৰ ফলত কংগ্ৰেছ আৰু জেডিএছে কৰ্ণাটকত চৰকাৰ গঠন কৰিব আৰু মুখ্যমন্ত্ৰী হিচাপে শপত লব জেডিএছৰ মুৰব্বী কুমাৰস্বামীয়ে৷ শনিবাৰে য়েদুয়াৰাপ্পাই পদত্যাগ কৰাৰ পিছতে ৰাজ্যপাল ভেজুভাই বালাই কুমাৰস্বামীক চৰকাৰ গঠনৰ বাবে আমন্ত্ৰণ জনায়৷ শনিবাৰে ৭ বাজি ৩০ মিনিটত ৰাজ্যপালক সাক্ষাৎ কৰে কুমাৰস্বামীয়ে৷ বুধবাৰে দিনৰ ১২ বজাৰ পৰা ১ বজাৰ ভিতৰত মুখ্যমন্ত্ৰী হিচাপে শপত লব কুমাৰস্বামীয়ে৷ 

শপত গ্ৰহণ অনুষ্ঠানৰ বাবে ব্যাপক প্ৰস্তুতি আৰম্ভ হৈছে৷ কাক কাক অতিথি হিচাপে আমন্ত্ৰণ জনাব সেয়া ৰাজহুৱা কৰে কুমাৰস্বামীয়ে৷ দেশৰ সকলো আঞ্চলিক ৰাজনৈতিক দলক কুমাৰস্বামীয়ে আমন্ত্ৰণ জনাব৷ ইতিমধ্যে দেশৰ সৰু-বৰ সকলো দলকে আমন্ত্ৰণ জনোৱাৰ লগতে অসমৰ একমাত্ৰ আঞ্চলিক দল অগপৰ প্ৰতিষ্ঠাপক সভাপতি, প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তক আমন্ত্ৰণ জনায়৷ দেওবাৰে ফোনযোগে যোগাযোগ কৰে মহন্তৰ সৈতে জেডিএছ দলৰ মুৰব্বীয়ে আৰু শপত গ্ৰহণ অনুষ্ঠানলৈ আমন্ত্ৰণ জনায়৷ প্ৰফুল্ল কুমাৰ মহন্ত কুমাৰস্বামীৰ পিতৃ এইচ ডি দেৱগৌড়াৰ ভাল বন্ধু৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0