newsnextone.com | নলবাৰীঃ নলবাৰী জিলাৰ পাইকাৰকুছিৰ কৃষ্টি বিকাশ কেন্দ্ৰৰ প্ৰাংগনত অাজি কিষাণ মৰ্চাৰ নলবাৰী জিলাৰ দ্বিতীয় খন কাৰ্য্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। নলবাৰী জিলা কিষাণ মৰ্চাৰ সভাপতি ধনেশ্বৰ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত কাৰ্য্যনিৰ্বাহক সভাখন অাঁত ধৰে সাধৰণ সম্পাদক প্ৰনৱ শৰ্মাই। 

সভাত বিধায়ক অশোক শৰ্মা, নাৰায়ন ডেকা, বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদক দিলীপ শইকীয়া, নলবাৰী জিলা সভাপতি বনদ্বীপ ডেকা, কিষাণ মৰ্চাৰ ৰাজ্যিক সভাপতি প্ৰান কুমাৰ দাস, কিষাণ মৰ্চাৰ ৰাজ্যিক সাধাৰণ সম্পাদক ৰাকেশ কলিতা, ভাস্কৰ দাস, কিষাণ মৰ্চাৰ ৰাজ্যিক উপ-সভাপতি গোপাল কাকতি, ৰাজ্যিক অাহ্বায়ক দিলজিৎ বৰ্মন, বিজেপিৰ ৰাজ্যিক কাৰ্য্যনিৰ্বাহক মধু ডেকা, শৰৎ বৰ্মন সহ কিষান মৰ্চাৰ ভালে সংখ্যক লোক উপস্থিত থাকে। 

উক্ত সভাতে উপস্থিত থকা প্ৰতিজন নেতাই কৃষকৰ বিভিন্ন সা-সুবিধাৰ ওপৰত ভাষণ প্ৰদান কৰে লগতে অাগন্তক দিনত কৃষকক উদ্দেশ্য বিভিন্ন অাঁচনিৰ বিষয়ে অালোচনা কৰা হয় বুলি কিষাণ মৰ্চাৰ নলবাৰী জিলাৰ মিডিয়া চেলৰ অাহ্বায়ক নৱ তালুকদাৰে জানিবলৈ দিয়ে।