কোকৰাঝাৰঃ কোকৰাঝাৰ আৰক্ষী আৰু ৩ নং ৰাজপুত ৰেজিমেণ্টে যৌথ অভিযান চলাই কালি নিশা তিনিগৰাকী কেএলঅ’ৰ লিংকমেনক আটক কৰাৰ লগতে লিংকমেন তিনিগৰাকীৰ পৰা দেশীয় নিৰ্মিত ৰাইফল এটা, দুটা পিস্তল,৬ জাঁই সজীৱ গুলী আৰু দুটা হেণ্ড গ্ৰেণেড জব্দ কৰিবলৈ সক্ষম হৈছে।
সেনা-আৰক্ষীৰ হাতত আটকাধীন লিংকমেন তিনি গৰাকী হ’ল ক্ৰমে অমিত ৰায় , হিতেশ ৰায় আৰু নিতাই ৰায় বুলি আৰক্ষীয়ে সদৰী কৰিছে। কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষক ৰাজেন সিঙে জনোৱা মতে জিলাখনৰ উপ আৰক্ষী অধীক্ষক (প্ৰৱেচন) মৰমী দাসৰ নেতৃত্বত এক বিশেষ সূত্ৰৰ পম খেদি চন্দ্ৰপাৰা এলেকাত যৌথ তালাচী অভিযান চলোৱা হৈছিল।