গুৱাহাটী/চাবুৱাঃ উত্তৰ কাছাৰৰ ১০০০ কোটি টকীয়া কেলেংকাৰীৰ অভিযুক্তসকলক ‘নিয়া’ৰ বিশেষ আদালতত দোষী সাব্যস্ত হোৱাত সন্তুষ্টি প্ৰকাশ কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। অসমৰ আটাইতকৈ পিছপৰা জিলাখনৰ জনতাৰ উন্নয়নৰ ধন কাঢ়ি খোৱা অপৰাধী সকলক শাস্তি দিয়াটো অত্যন্ত উত্তম হৈছে বুলি কৃষক সংগঠনটোৱে মত ব্যক্ত কৰিছে।
এক বিবৃতিত কৃষক মুক্তি সংগ্রাম সমিতিৰ উপদেষ্টা অখিল গগৈ, সভাপতি ৰাজু বৰা, ভাস্কো ডি শইকীয়া আৰু যুটীয়া সাধাৰণ সম্পাদক মুকুট ডেকা আৰু ধৰ্য কোঁৱৰে কয় যে, কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ২০০৯ চনৰ পৰা উত্তৰ কাছাৰ কেলেংকাৰীৰ বিৰুদ্ধে সংগ্ৰাম কৰি আহিছিল। উত্তৰ কাছাৰ কেলেংকাৰীৰ প্ৰকৃত স্বৰূপ উন্মোচন কৰি দোষী সকলক কঠোৰ শাস্তি বিহিবলৈ আন্দোলন গঢ়ি তুলিছিল।