70
কাজিৰঙাঃ আজি পুৱাৰে পৰা খেতিৰ পদ্ধতি শিকিবলৈ যোৱা যুৱক-যুৱতীৰে উখল মাখল হৈ পৰিছে কাজিৰঙা৷ কোনোৱে ভূঁই ৰুইছে, আন কোনোৱে কোৰ লৈ আলি দিছে৷ কোনোৱে থলুৱা চাহ জলপানেৰে যুৱক-যুৱতী সকলক আপ্যায়ন কৰিছে৷
খেতি বিনে অসহায় অসমীয়া জাতি বুলি কোৱা কথাষাৰক সত্য প্ৰমাণিত কৰি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত কাজিৰঙাত তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা ‘ন ভূঁই উৎসৱ’ত ৰাজ্যখনৰ ভিন্ন প্ৰন্তৰ যুৱক-যুৱতীয়ে অংশগ্ৰহণ কৰা দেখা গৈছে।