newsnextone.com | নগাঁওঃ অসমৰ একাংশ জাতীয় সংগঠন নিমাত হৈ থকাত অসমৰ হাজাৰ হাজাৰ লোকে ফেচবুকৰ জৰিয়তে ৰহাত বহুওৱা টোলগে’টৰ বিৰুদ্ধে মত পোষণ কৰিছিল। কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু কৃষক নেতা অখিল গগৈয়ে কেন্দ্ৰ-ৰাজ্য চৰকাৰক আৰু জাতীয় দল-সংগঠনক তীব্ৰ আক্ৰমণ কৰিছিল টোলগে’টৰ বিৰুদ্ধে মাত নিদিয়াত৷ নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্য বৃদ্ধি হোৱাৰ লগতে জিএছটিৰ জৰিয়তে দেশৰ নাগৰিকক মাধমাৰ শোধোৱাৰ সময়তে টোলগে’ট বহুওৱা কাণ্ডই সকলোকে ক্ষোভিত কৰিছিল।মুম্বাইৰ ইণ্ডাৰদ্বীপ কনষ্ট্ৰাকচনে যোৱা ১২ জুলাইৰ পুৱাৰে পৰা কৰ লবলৈ আৰম্ভ কৰিছে ৰ’হাৰ টোলগে’টত৷
যোৱা ১৫ জুলাইত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য উপদেষ্টা অখিল গগৈয়ে কৃষক মুক্তিৰ গান্ধী বস্তীৰ কাৰ্যালয়ত এখন সংবাদ মেল অনুষ্ঠিত কৰি ৰাজ্য চৰকাৰৰ লগতে অসমৰ জাতীয়-জনগোষ্ঠীয় সংগঠনক তীব্ৰ সমালোচনা কৰে৷ অখিলে কয় যে আমি যেতিয়া যোৱা তিনি বছৰে ৪ খন টোলগে’ট বন্ধ কৰি দিছিলোঁ তেতিয়া আমাক কোনে ক্ৰেডিত দিয়া নাছিল৷ আমাক কোনেও ধন্যবাদোঁ জনোৱা নাছিল বুলি কৈ প্ৰতিবাদ কৰাৰ বাবে ২২ জুলাইৰ দিন ঘোষণা কৰিছিল। কৃষক মুক্তি সংগ্ৰাম সমিতি, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, কোচ ৰাজবংশী ছাত্ৰ সন্থা, অসমীয়া যুৱ মঞ্চ আদিকে ধৰি অখিল গগৈৰ নেতৃত্বত ২৯টা সংগঠনে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। ফলত ব্যাহত হৈ পৰিছিল যান-বাহনৰ চলাচল। পূৰ্বে ঘোষণা কৰা কাৰ্যসূচী অনুসৰি দেওবাৰে ৰহাত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে সংগঠন কেইটাই।