চাবুৱাঃ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ডিব্ৰুগড় জিলাৰ চাবুৱা আঞ্চলিক সমিতিয়ে পথ নিৰ্মাণ কৰাৰ দাবীত প্ৰতিবাদ অব্যাহত ৰাখিছে৷ ঐতিসাহিক চাবুৱা-টেঙাখাত গড়কাপ্তানী পথ নিৰ্মাণ কৰাৰ দাবীত ২৭ নৱেম্বৰত সংগঠন দুটাৰ কেইগৰাকীমান নেতাই অইলৰ গেটত থিয় হৈ প্ৰতিবাদ সাব্যস্ত কৰে৷
যোৱা ২৬ নৱেম্বৰত পথটোৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে দুৰ্ঘটনাত পতিত হৈ ১৫ বছৰীয়া ছাত্ৰই অকাল মৃত্যুক আকোৱালি লৈছিল। তাৰ পিছতে ক্ষোভিত হৈ সংগঠন দুটাই পথটোত গধুৰ যান-বাহনৰ চলাচল বন্ধ কৰি দিছিল। সংগঠন দুটাৰ সৈতে যোৱা ৩০ নৱেম্বৰত অইল ইণ্ডিয়া কৰ্তৃপক্ষই চাবুৱা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত আলোচনাত মিলিত হয়।