মুছলপুৰঃ কৃষক নেতা অখিল গগৈক গ্ৰেপ্তাৰৰ প্ৰতিবাদ আজিও অব্যাহত আছে ৰাজ্যত৷ ডিব্ৰুগড় আৰক্ষীয়ে গোলাঘাটৰ নিজ গৃহৰ পৰা কৃষক নেতাগৰাকীক আটক কৰাৰ প্ৰতিবাদত প্ৰতিদিনে উত্তাল হৈ পৰে ৰাজ্য৷ ৰাজ্যৰ একাংশ দল-সংগঠনে ৰাজ পথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰি অখিলক মুক্তি দিয়াৰ দাবী জনায় আহিছে যদিও সোমবাৰে গৃহ বিভাগে অখিল গগৈৰ ওপৰত ৰাষ্ট্ৰীয় নিৰাপত্তা আইন, ১৯৮০ জাপি দিয়ে৷এই আইন জাপি দিয়াৰ পিছতে কৃষক মুক্তিয়ে চৰকাৰক প্ৰত্যাহ্বানৰ বাবে সাজু থাকিবলৈ কয়।
ৰাজ্যৰ গৃহ বিভাগে কৃষক নেতা অখিল গগৈক ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত আটক কৰিয়ে ক্ষান্ত নাথাকি NSA জাপি দিয়াত ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ একাংশ দল-সংগঠনে ৰাষ্ট্ৰীয় ঘাইপথ, ৰেলপথ অৱৰোধ কৰাৰ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ কৰি অখিলক আটক কৰাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে যদিও আন্দোলনক চৰকাৰে গুৰুত্ব আৰোপ নকৰি চৰকাৰ অখিলৰ বিৰুদ্ধে সস্তম হৈ পৰা দেখা যায়৷