গুৱাহাটীঃ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণক লৈ পুনৰ সৰৱ হৈ উঠিছে কৃষক মুক্তি সংগ্ৰাম সমিতি। কালি লোকসভাত কেন্দ্ৰীয় শক্তিমন্ত্ৰী পীয়ুষ গোৱেলে গেৰুকা মুখত বৃহৎ নদীবান্ধৰ নিৰ্মাণ কাৰ্য অচিৰেই আৰম্ভ হ’ব বুলি ঘোষণা কৰাৰ পিছতেই সংগঠনটোৱে আজি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।
মঙলবাৰে মহানগৰীৰ গান্ধীবস্তিস্থিত দক্ষপ্ৰসাদ ডেকা ভৱনত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে এখন সংবাদ মেলৰ আয়োজন কৰি কেন্দ্ৰীয় মন্ত্ৰী গৰাকীৰ উক্ত মন্তব্যৰ তীব্ৰ বিৰোধিতা কৰে। সংবাদ মেলত কোনোপধ্যেই কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে লোৱা সিদ্ধান্তক মানি নোলোৱাৰো হুংকাৰ দিয়ে সংগঠনটোৱে।