চাবুৱাঃ ডিব্ৰুগড় জিলাৰ চাবুৱাৰ একমাত্ৰ উচ্চ শিক্ষানুষ্ঠান ডি ডি আৰ মহাবিদ্যালয়ত ব্যাপক দুৰ্নীতি আশ্ৰয় লৈ এটি আৱাস গৃহ নিৰ্মাণ কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে৷ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে। মহাবিদ্যালয়খনৰ অধ্যক্ষগৰাকীয়ে বিগত সময়ছোৱাত মহাবিদ্যালয়খনৰ উন্নয়ণৰ নামত অহা ধন ব্যাপক দুৰ্নীতিৰে লুন্ঠন কৰাৰ অভিযোগ উত্থাপন কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে।
বিশ্ববিদ্যালয় অনুদান আয়োগে আগবঢ়োৱা পুঁজি ব্যৱহাৰত সংগঠনটোৱে কেলেংকাৰী সংঘটিত হোৱাৰ লগতে মহাবিদ্যালয়খনৰ শৈক্ষিক পৰিবেশ বিনষ্ট হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে৷ সংগঠনটোৰ চাবুৱা আঞ্চলিক সমিতিৰ সভাপতি জিতুপন শইকীয়া, জগজিত গোঁহাই, পলাশ গগৈ আৰু যুটীয়া সম্পাদক দিপাংকৰ গগৈ, দ্বিপ শইকীয়া, যুগল দত্তই এক বিবৃতি যোগে মহাবিদ্যালয়খনৰ প্ৰৱক্তাৰ লগতে কৰ্মচাৰীৰ নিস্বাৰ্থ সেৱাৰ ফলত ডি ডি আৰ মহাবিদ্যালয়ে ২০০৫ বষৰ্ত NAACৰ গ্ৰেড-বি লাভ কৰা কৰে বুলি কয়৷