লখিমপুৰঃ লখিমপুৰত আজি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। কৃষক নেতা অখিল গগৈৰ উপস্থিতিত সংগঠনটোৱে প্ৰতিবাদ সাব্যস্ত কৰি বানপাড়িতক সাহায্য দিয়াৰ দাবী জনায়৷ ৰঙানদী জলবিদ্যুৎ প্ৰকল্পই পানী এৰি দিয়াত ধন জনৰ বিস্তৰ ক্ষতি হয় লখিমপুৰ জিলা খনৰ৷
সমগ্ৰ জিলা খনতে বহু মানুহৰ ঘৰ-বৰ উটুৱাই নি শ শ লোকে আশ্ৰয় শিবিৰত থাকিব লগা হৈছে৷ প্ৰলয়কাৰী বানপানীয়ে জিলাখনৰ প্ৰায় তিনি লাখ লোক ক্ষতিগ্ৰস্ত হোৱাৰ ওপৰিও লাখ লাখ কৃষিভূমি বালিত পোত যোৱাৰ পাছতো ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন কৰি জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ন কৰে সংগঠনটোৱে।