73
চাবুৱাঃ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে আজি চাবুৱাত কৃষিমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে৷ সংগঠনটোৰ এজন সদস্যক নিজ মইমতালিৰে গ্ৰেপ্তাৰ কৰাৰ পিছতে সংগঠনটোৱে এই কাৰ্যসূচী হাতত লয়।
উল্লেখ্য যে, বুধবাৰে ছাত্ৰ-ছাত্ৰীসকলক স্বজন-তোষণ নীতিৰে সুহৃদ আঁচনিৰ জৰিয়তে বৈষম্যমূলকভাৱে জলপানি দিয়াৰ পৰিৱৰ্তে মেধাভিত্তিত জলপানি প্ৰদানৰ দাবীত গোলাঘাট জিলাৰ বোকাখাত মহকুমাতসগঠনটোৱে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল।