দিচাংমুখঃ কেন্দ্ৰীয় চৰকাৰে অসমৰ ঐতিহ্যক্ষেত্ৰৰ চোৱাচিতাৰ দায়িত্ব ব্যক্তিগত কোম্পানীক গতাই দিব বিচৰা সিদ্ধান্তৰ বিৰুদ্ধে শনিবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে উজনিৰ শিৱসাগৰত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ ৰংঘৰৰ সন্মুখত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু চাহ শ্ৰমিক সংগ্ৰাম সমিতিৰ শিৱসাগৰ জিলা সমিতিয়ে বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙাকে ধৰি ৰংঘৰ, কাৰেংঘৰ আৰু শিৱদ’লৰ চোৱা-চিতাৰ দায়িত্ব ব্যক্তিগত প্ৰতিষ্ঠানৰ হাতত গতাই দিয়াৰ চৰকাৰী ষড়যন্ত্ৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে৷ শাসক বিজেপিৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি এই সিদ্ধান্ত বাতিল কৰাৰ দাবী জনাই সংগঠন দুটাই৷
অসমৰ স্বাভিমান জড়িত হৈ থকা জাতীয় জীৱনৰ পৰিচয়স্বৰূপ প্ৰাচীন কীৰ্তিচিহ্ন সমূহ ব্যক্তিগত খণ্ডৰ বণিক গোষ্ঠীক চমজাই দিবলৈ বিচৰা সিদ্ধান্তক লৈ ৰাজ্যৰ সৰ্বত্ৰে ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ সময়তে চৰকাৰৰ এনে সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য উপদেষ্টা অখিল গগৈয়ে৷ যদি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শিৱসাগৰৰ ঐতিহ্যক বহিৰাগতৰ হাতত গতাই গিয়ে তেন্তে শিৱসাগৰত সোমাব দিব নালাগে বুলি কয়৷