newsnextone.com | বিলাসীপাৰাঃ অসমৰ আটাইতকৈ পূবৰ জিলা তিনিচুকীয়া৷ তিনিচুকীয়াৰ জিলাৰ পৰা গণ সমাবেশৰ কাম আৰম্ভ কৰিছিলোঁ৷ একেবাৰে পশ্চিমৰ জিলা ধুবুৰীত আজি গণ সমাবেশৰ সামৰণি মাৰিলোঁ৷ তিনিচুকীয়া জিলাত হাজাৰ মানুহ উপস্থিত আছিল আজি ধুবুৰীটো হাজাৰ হাজাৰ মানুহ উপস্থিত আছে৷ এই মন্তব্য অখিল গগৈৰ৷ বুধবাৰে ধুবুৰীত অনুষ্ঠিত গণ সমাবেশত এই মন্তব্য প্ৰকাশ কৰে অখিলে৷ এজন মানুহে বড়ো হিচাপে, এজন মানুহে কাৰ্বি হিচাপে অসমত থকাৰ যি অধিকাৰ সেই অধিকাৰ খৰ্ব কৰিব বিচৰা হৈছে বুলি অখিল গগৈয়ে বিজেপি চৰকাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে৷

কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত ধুবুৰী জিলাৰ বিলাসীপাৰাৰ ভাঙালীপাৰা হাই মাদ্ৰাছা খেল পথাৰত অনুষ্ঠিত গণ সমাবেশত কেইবা হাজাৰ লোকৰ সন্মুখত অখিল গগৈয়ে বিজেপি আৰু আৰএছএছক তীব্ৰ সমালোচনা কৰে৷ 

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বাতিলৰ দাবীত অনুষ্ঠিত সভাত অসমীয়াৰ অধিকাৰ কৰাৰ খৰ্ব কৰাৰ অভিযোগ উত্থাপন কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈয়ে৷ অধিকাৰ খৰ্ব কৰিব বিচৰাৰ বাবেই অসমৰ মানুহে বিজেপি আৰএছএছৰ বিৰুদ্ধে গৰজি উঠিছে বুলি কয়৷ আজি বিজেপি আৰএছএছে আমাৰ জাতীয় বীৰ লাচিত বৰফুকন হিন্দু বীৰ সঁজাব বিচাৰিছে৷ যি লাচিত বৰফুকনে মোগলক অসমৰ পৰা খেদি পঠিয়াইছিল যুদ্ধত পৰাস্ত কৰিছিল৷ যাৰ কাৰণে অসম স্বাধীন হৈ থাকিব পাৰিলে৷ আজি লাচিক বৰফুকনক হিন্দু বীৰ বুলি কোৱা হৈছে৷ অথচ লাচিক বৰফুকন যেতিয়া জীয়াই আছিল তেওঁ হিন্দু ধৰ্ম গ্ৰহণ কৰা নাছিল৷ তেওঁৰ ধৰ্মটোৰ নাম আছিল তাও ধৰ্ম৷ 

ইমানে নহয় অখিলে মই এজন আহোম মানুহ বুলি কয়৷ আহোমৰ ধৰ্ম হিন্দু নাছিল৷ মোৰ ধৰ্ম আছিল তাও৷ মোৰ নিজৰ ভাষা আছিল টাই ভাষা৷ মই অসমীয়া জাতি বনাবলৈ অসমীয়া ভাষাটো এৰি দিলোঁ৷ আমাৰ ৰাজ বংশই ইচ্ছা কৰিলে অসমীয়া ভাষাৰ ওপৰত টাই ভাষা জাপি দিব পাৰিলে হেতেন বুলি কয়৷ 

অখিলে আৰু কয় ‘‘বীৰ লাচিত বৰফুকনক বিজেপি আৰএছএছে হিন্দু বীৰ বুলি কৈ অসমীয়া বীৰ নাছিল বুলি কয়৷ অসমীয়া জাতিৰ ডাঙৰ বীৰ জনক সিঁহতে আমাৰ হাতৰ পৰা কাঢ়ি লৈ যাব খুজিছে৷ সেই কাৰণেই আজি সমগ্ৰ অসমে প্ৰতিবাদ কৰিছে৷’’

ধুবুৰী জিলাত বেছি খিনি মানুহেই মুছলমান৷ আজি গণ সমাবেশলৈ অহা প্ৰতিগৰাকী লোকে ১৯৭১ চনৰ পিছত অহা লোকে অসম এৰিব লাগিব বুলি কৈছে৷ আজিৰ দিনটো ঐতিহাসিক দিন৷ কিয়নো ধুবুৰৰী বিলাসীপাৰাৰ লোকে হাতৰ হাতৰ মুঠি ওপৰলৈ তুলি কৈছে অসমত আমি এজনো বাংলাদেশী থাকিব নিদিও৷ 

পুৱাৰে পৰা বিলাসীপাৰাৰ ভাঙালীপাৰা হাই মাদ্ৰাছা খেল পথাৰত ৰাইজ সমবেত হৈছিল৷ গণ সমাবেশত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেইবাগৰাকী নেতাৰ লগতে আমছুৰ নেতাই উপস্থিত থাকি নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবী জনায়।

বিশাল গণ সমাবেশত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য উপদেষ্টা অখিল গগৈয়ে কয় যে মই জীয়াই থকালৈকে কেতিয়াও নাগৰিকত্ব সংশোধনী বিধেয়ক বিজেপিৰ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ গৃহীত কৰিব নোৱাৰিব বুলি কয়৷ 

গণ সমাবেশত উপস্থিত থাকি বিলাসীপাৰা জিলা আমছুৰ সভাপতি ফজৰ আলী মণ্ডলে সকলো দল-সংগঠনে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য উপদেষ্টা অখিল গগৈৰ নেতৃত্বত একত্ৰিত হৈ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে যুঁজ দি যাবলৈ আহ্বান জনায়। তেওঁ আৰু কয় যে এই আইন গৃহীত হলে বৃহত্তৰ অসমীয়া জাতিৰ ক্ষতি হ’ব।