newsnextone.com | বিলাসীপাৰাঃ অসমৰ আটাইতকৈ পূবৰ জিলা তিনিচুকীয়া৷ তিনিচুকীয়াৰ জিলাৰ পৰা গণ সমাবেশৰ কাম আৰম্ভ কৰিছিলোঁ৷ একেবাৰে পশ্চিমৰ জিলা ধুবুৰীত আজি গণ সমাবেশৰ সামৰণি মাৰিলোঁ৷ তিনিচুকীয়া জিলাত হাজাৰ মানুহ উপস্থিত আছিল আজি ধুবুৰীটো হাজাৰ হাজাৰ মানুহ উপস্থিত আছে৷ এই মন্তব্য অখিল গগৈৰ৷ বুধবাৰে ধুবুৰীত অনুষ্ঠিত গণ সমাবেশত এই মন্তব্য প্ৰকাশ কৰে অখিলে৷ এজন মানুহে বড়ো হিচাপে, এজন মানুহে কাৰ্বি হিচাপে অসমত থকাৰ যি অধিকাৰ সেই অধিকাৰ খৰ্ব কৰিব বিচৰা হৈছে বুলি অখিল গগৈয়ে বিজেপি চৰকাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে৷
কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত ধুবুৰী জিলাৰ বিলাসীপাৰাৰ ভাঙালীপাৰা হাই মাদ্ৰাছা খেল পথাৰত অনুষ্ঠিত গণ সমাবেশত কেইবা হাজাৰ লোকৰ সন্মুখত অখিল গগৈয়ে বিজেপি আৰু আৰএছএছক তীব্ৰ সমালোচনা কৰে৷