শিমলুগুৰি/আমগুৰি/ধেমাজিঃ কৃষক নেতা অখিল গগৈক অসম আৰক্ষীয়ে আটক কৰাৰ পাছতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা কৰ্মীয়ে ৰাজ পথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে৷ শিৱসাগৰ জিলাৰ শিমলুগুৰিত পথ অৱৰোধ কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ভাতৃ সংগঠন ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে৷ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে চৰকাৰ বিৰোধি শ্ল’গানেৰে উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰে শিমলুগুৰিত৷
ধোদৰ আলি পথ টায়াৰ জ্বলাই অৱৰোধ কৰি অখিল গগৈক মুক্তি দিয়াৰ দাবী জনায়৷ ধেমাজি জিলাতো সংগঠনটোৱে পথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে৷ শিৱসাগৰৰ আমগুৰিতো কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে তেওলোকৰ নেতা অখিল গগৈক গ্ৰেপ্তাৰৰ প্ৰতিবাদ জনায় শীঘ্ৰে মুকলি কৰি দিয়াৰ দাবী জনায়৷