চাবুৱা/কাজলগাঁওঃ কৃষক নেতা অখিল গগৈক গ্ৰেপ্তাৰৰ ৬০ ঘন্টা পাৰ হোৱাৰ পাছতো ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত আছে৷ দল-সংগঠনে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি অখিলক মুক্তিৰ দাবী জনায়৷ ডিব্ৰুগড় জিলাৰ চাবুৱাত শুকুৰবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত আৰু মটক যুৱ ছাত্ৰ পৰিষদৰ সহযোগত কেইবাশতাধিক লোকে হাতে হাতে জোঁৰলৈ সমদল কৰি অখিলক গ্ৰেপ্তাৰৰ প্ৰতিবাদ জনায়৷
চাবুৱা নগৰত জোঁৰ লৈ শ-শ প্ৰতিবাদকাৰীয়ে সৰ্বানন্দৰ কাম নাই, বিজেপি চৰকাৰ হায় হায়, অখিল গগৈক মুক্তি দিয়ক বিভিন্ন শ্ল’গানেৰে উত্তাল পৰিবেশৰ সৃষ্টি কৰে। কৃষক মু্ক্তি সংগ্ৰাম সমিতিৰ ডিব্ৰুগড় জিলাৰ সভাপতি ইন্দ্ৰ দওই সমদলত উপস্থিত থাকি বিজেপিৰ পিতৃ সংগঠন আৰ এছ এছে আত্মৰক্ষাৰ বাবে মুকলিকৈ অস্ত্ৰৰ প্ৰশিক্ষণ লোৱা কাৰ্যক সৰ্মথন কৰি মূখ্যমন্ত্ৰীয়ে আত্মৰক্ষাৰ বাবে এই প্ৰশিক্ষণ বুলি কোৱা মন্তব্যক উভতি ধৰি অখিল গগৈয়ে খিলঞ্জীয়াৰ স্বাৰ্থত প্ৰয়োজন হলে অবৈধ বাংলাদেশী সংস্থাপনৰ বিৰুদ্ধে হাতত হেংদাং নতুবা Ak-47 হাতত তুলি লম বুলি কোৱা কথাটো কেনেকৈ ৰাষ্ট্ৰদ্ৰোহ হয় বুলি সৰ্বানন্দ সোণোৱালক প্ৰশ্ন কৰে৷