79
কাজিৰঙাঃ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত কাজিৰঙাত ৭ জুলাইৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব ‘ন’ ভূঁই উৎসৱ’।
কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে স্থাপন কৰা কাজিৰঙা জাতীয় অৰ্কিড আৰু জৈৱ বৈচিত্ৰ উদ্যানত সংৰক্ষণ কৰা ২৫০ বিধ থলুৱা আৰু পূৰণি ধানৰ সৈতে নতুন প্ৰজন্মক চিনাকি কৰাই কৃষি কৰ্মত ব্যৱহৃত সামগ্ৰী আৰু খেতি কৰাৰ পদ্ধতিৰ সৈতে পৰিচয় কৰাই দিবৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে সংগঠনটোৱে।