60
newsnextone.com | কাজিৰঙাঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এগৰাকী বনকৰ্মীৰ হাতীৰ আক্ৰমণত নিহত হোৱাৰ খবৰ আহিছে। কৰ্তব্যৰত অৱস্থাত জাকৰ মাজৰ পৰা ফালৰি কাটি অহা এটা প্ৰকাণ্ড হাতীৰ আক্ৰমণত গণেশ নেৱাৰ নামৰ বন কৰ্মীজন নিহত হয় বুলি জানিব পৰা গৈছে।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ গৰপাল শিবিৰত এই অঘটন সংঘটিত হোৱা বুলি জানিব পৰা যায়।