newsnextone.com | নগাঁওঃ কবিতা পংক্তিৰে জীপাল হ’ল নগাঁও সদৰ৷ সদৌ অসম কবি সন্মিলনৰ নগাঁও জিলা সমিতিৰ অন্তৰ্গত নগাঁও সদৰ কবি সন্মিলনৰ উদ্যোগত আৰু বহু-আনন্দ প্ৰকাশনৰ সহযোগত দেওবাৰে বিয়লি তিনি বজাৰ পৰা অনুষ্ঠিত হয় গ্ৰন্থ উন্মোচন, বক্তৃতানুষ্ঠান আৰু অনুদিত কবিতা পাঠৰ মনোজ্ঞ অনুষ্ঠান।

অসমীয়া অনুবাদ সাহিত্যৰ দুটি উজ্জ্বল নক্ষত্ৰ স্বৰূপ আবুল লেইচ আৰু ড০ প্ৰফুল্ল কটকীৰ লগতে দুস্কৃতিকাৰীৰ হাতত নিহতসকলৰ স্মৃতিত শংকৰী দৰ্শনৰ গৱেষক তথা অতি-সম্প্ৰতি দামোদৰদেৱ বঁটা প্ৰাপ্ত ড০ নৰেন কলিতা আৰু বিশিষ্ট অধ্যাপক লেখক জ্যোতিৰ্ময় জানাৰ হাতেৰে বৃক্ষৰোপন কৰা হয়।
 
নগাঁও জিলা কবি সন্মিলনৰ সভাপতি তথা বিশিষ্ট কবি প্ৰদীপ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাত ডা০ প্ৰয়াগ শইকীয়াৰ ‘সবাক চিত্ৰ নিৰ্বাক কবিতা’ আৰু যুৱ গল্পকাৰ মুনমী বৰদলৈৰ ‘ছাঁয়াকল্প’ উন্মোচন কৰে বিশিষ্ট গল্পকাৰ ইমৰাণ হুছেইনে। ইয়াৰ পাছতেই নগাঁৱৰ সাংস্কৃতিক পৰিমণ্ডল বিষয়ক বিস্তৃত তথ্যৰে বক্তব্য ৰাখে ইমৰাণ হুছেইনে আৰু গৰিয়সী আলোচনীৰ উপ-সম্পাদক তথা বিশিষ্ট শিল্প সমালোচক শিল্প আৰু কবিতাৰ পৰিপূৰক সম্পৰ্কৰ বিষয়ে বিশ্বৰ বিশিষ্ট চিত্ৰশিল্পী তথা সমালোচক পৰা নীলমণি ফুকনলৈকে বিভিন্ন উদাহৰণেৰে সাৰগৰ্ভ বক্তব্য প্ৰদান কৰে।

সভাত সদৌ অসম কবি সন্মিলনৰ আজীৱন সভ্য ত্ৰৈলোক্য ভট্টাচাৰ্য, অনিল চন্দ্ৰ নাথ, কৰবী লিগিৰা, এল প্ৰদীপ কুমাৰ সিংহ, প্ৰদীপ বৰা, দেৱ বৰা, হাছিনা মমতাজ, ৰঞ্জন বেজবৰুৱা, পুতুলী মুদৈক মানপত্ৰ প্ৰদান কৰা হয়। সভাত অনুদিত কবিতা পাঠ কৰে ৰাস্না হিলৈদাৰী, ৰূপম কুমাৰ শৰ্মা, তেজস্বিনী কৌৰ, শৰৎ বৰুৱা, দুলাল চন্দ্ৰ দাস, সুষ্মিতা দত্ত দাস, কবিতা বৰা কলিতা, চন্দন গোস্বামী, অনিল চন্দ্ৰ নাথ, আনোৱাৰ পাৰভেজ, নীলাভ সৌৰভ, অজন্তা বৰা প্ৰমূখ্যে কবি সকলে।

বিশিষ্ট লোক-সংগীতৰ সাধক পৰাগ দাসৰ আৱহ সংগীত(বাঁহী বাদন) ৰে সুমধুৰ কাব্যপাঠৰ অন্তত কাব্যমন্ত্ৰ পাঠেৰে ফভাৰ সামৰণি পৰে। বিশিষ্ট সমালোচক প্ৰভাত বৰা, অৰিন্দম বৰকটকী, চলচিত্ৰ পৰিচালক তথা সমালোচক পাৰ্থজিৎ বৰা, পত্ৰ লেখক দেবেন শইকীয়া, চিত্ৰশিল্পী গকুল চেত্ৰী, ড০ সুজিত দাস, সাংবাদিক কনক শইকীয়া, শৈলেন শইকীয়া, সদৌ অসম কবি সন্মিলনৰ প্ৰচাৰ সম্পাদক মদাৰজ্যোতি, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক ধন মেধি, তপন কুমাৰ নগঞা,শিৱ প্ৰসাদ বৰা,হাচিনা মমতাজ আৰু সঞ্জীৱ সাগৰ চৌধুৰী নগাঁও জিলা কবি সন্মিলনৰ উপ-সভাপতি চন্দন গোস্বামী, দূৰ্গেশ্বৰ বৰকটকী প্ৰমূখ্যে ডেৰ শতাধিক দৰ্শকৰ উপস্থিতিত সফল সামৰণই পৰে৷ নগাঁও জিলা সদৰ কবি সন্মিলনৰ সভাপতি প্ৰদীপ কুমাৰ শইকীয়া, সম্পাদক বুবুল শৰ্মাই কৃতজ্ঞতা প্ৰকাশ কৰিছে।