Home ৰাজ্যনগাঁও সদৰত ‘মই মোৰ শিপাৰেই শিপাম এই মাটিত’

নগাঁও সদৰত ‘মই মোৰ শিপাৰেই শিপাম এই মাটিত’

by News Desk
43 views
A+A-
Reset

newsnextone.com | নগাঁওঃ কবিতা পংক্তিৰে জীপাল হ’ল নগাঁও সদৰ৷ সদৌ অসম কবি সন্মিলনৰ নগাঁও জিলা সমিতিৰ অন্তৰ্গত নগাঁও সদৰ কবি সন্মিলনৰ উদ্যোগত আৰু বহু-আনন্দ প্ৰকাশনৰ সহযোগত দেওবাৰে বিয়লি তিনি বজাৰ পৰা অনুষ্ঠিত হয় গ্ৰন্থ উন্মোচন, বক্তৃতানুষ্ঠান আৰু অনুদিত কবিতা পাঠৰ মনোজ্ঞ অনুষ্ঠান।

অসমীয়া অনুবাদ সাহিত্যৰ দুটি উজ্জ্বল নক্ষত্ৰ স্বৰূপ আবুল লেইচ আৰু ড০ প্ৰফুল্ল কটকীৰ লগতে দুস্কৃতিকাৰীৰ হাতত নিহতসকলৰ স্মৃতিত শংকৰী দৰ্শনৰ গৱেষক তথা অতি-সম্প্ৰতি দামোদৰদেৱ বঁটা প্ৰাপ্ত ড০ নৰেন কলিতা আৰু বিশিষ্ট অধ্যাপক লেখক জ্যোতিৰ্ময় জানাৰ হাতেৰে বৃক্ষৰোপন কৰা হয়।
 
নগাঁও জিলা কবি সন্মিলনৰ সভাপতি তথা বিশিষ্ট কবি প্ৰদীপ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাত ডা০ প্ৰয়াগ শইকীয়াৰ ‘সবাক চিত্ৰ নিৰ্বাক কবিতা’ আৰু যুৱ গল্পকাৰ মুনমী বৰদলৈৰ ‘ছাঁয়াকল্প’ উন্মোচন কৰে বিশিষ্ট গল্পকাৰ ইমৰাণ হুছেইনে। ইয়াৰ পাছতেই নগাঁৱৰ সাংস্কৃতিক পৰিমণ্ডল বিষয়ক বিস্তৃত তথ্যৰে বক্তব্য ৰাখে ইমৰাণ হুছেইনে আৰু গৰিয়সী আলোচনীৰ উপ-সম্পাদক তথা বিশিষ্ট শিল্প সমালোচক শিল্প আৰু কবিতাৰ পৰিপূৰক সম্পৰ্কৰ বিষয়ে বিশ্বৰ বিশিষ্ট চিত্ৰশিল্পী তথা সমালোচক পৰা নীলমণি ফুকনলৈকে বিভিন্ন উদাহৰণেৰে সাৰগৰ্ভ বক্তব্য প্ৰদান কৰে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0