গোলকগঞ্জঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কোচ-ৰাজবংশী জনগোষ্ঠীৰ লোকেৰে ভৰি পৰিছে ধুবুৰীৰ গোলকগঞ্জ৷ জনগোষ্ঠীটোৰ পুৰুষ-মহিলাই পৰম্পৰাগত সাজেৰে ওলাই আহিছে কোচ ৰাজবংশী সাহিত্য সভাৰ অধিবেশনলৈ৷ সাহিত্য, লোক নৃত্য, গীত, মাতেৰে ৰজন জনাই উঠিছে গোলকগঞ্জৰ আকাশ-বতাহ৷
কোচ ৰাজবংশী সাহিত্যক বিশ্বৰ ডৰবাৰত জিলিকাই তুলিবলৈ প্ৰয়াস কৰি অহা কোচ ৰাজবংশী সাহিত্য সভাৰ অধিবেশন শনিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে৷ ধুবুৰী জিলাৰ গোলকগঞ্জৰ চিলাৰায় মহাবিদ্যালয়ৰ হাৰিয়া মণ্ডল সমন্বয় ক্ষেত্ৰত দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে কোচ ৰাজবংশী সাহিত্য সভাৰ চতুৰ্থ ত্ৰিবাৰ্ষিক অধিবেশন তথা ৰূপালী জয়ন্তী বৰ্ষৰ কাৰ্যসূচী৷