ঢেকীয়াজুলিঃ দৰা অবিহনে এখন বিদ্যালয়ত ২৮ গৰাকী ন-কইনা৷ কইনাৰ সাজেৰে সাজি-কাঁচি অহা ন-কইনাসকলে দৰাৰ বাবে নহয় পুৰস্কাৰৰ বাবেহে ন-কইনাৰ সাজেৰে ওলাই আহিছে৷ শোণিতপুৰ জিলাৰ অগ্ৰণী শিক্ষানুষ্ঠান ঠেলামৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত হঠাৎ দেখা গ’ল একাংশ ছাত্ৰীক ন-কইনাৰ ৰূপত৷
কইনাৰ সাজত তেওঁলোক বিদ্যালয়খনলৈ আহিছে শোণিতপুৰৰ ‘গতি’ নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে অনুষ্ঠিত কৰা কইনা প্ৰতিযোগিতাত অংশগ্ৰহণৰ উদ্দেশ্যেহে৷ ‘গতি’ নামৰ স্বেচ্ছাসেৱী অনুষ্ঠানটোৱে ঠেলামৰা অঞ্চলৰ প্ৰায় আঁঠখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত কুইজ আৰু কইনা প্ৰতিযোগিতা অনুষ্ঠিত কৰে৷