কোকিলাঃ নামনি অসমৰ কেইবাখনো জিলাত শুৰ পোকৰ তাণ্ডৱ অব্যাহত আছে৷ নামনি অসমৰ গেঁৰ ধৰা তথা পক ধৰা বহু খেতি পথাৰ অনিষ্ট কৰা পৰিলক্ষিত হৈছে শুৰপোকে৷ বঙাইগাঁৱৰ অভয়াপুৰীত কৃষি পথাৰ নষ্ট কৰাৰ লগতে মানিকপুৰ অঞ্চলতো শুৰপোকে খেতি পথাৰ অনিষ্ট কৰা বুলি জানিব পৰা গৈছে৷ ধানখেতিত চৰহা পোক নামৰ কাঁইটীয়া গুৱৰুৱা জাতীয় মাৰাত্মক কীটে পথাৰৰ দুখ লগা অৱস্থাৰ পৰিবেশৰ সৃষ্টি কৰে৷ ধানৰ গছবোৰ হালধীয়া পৰাৰ লগতে জহি গৈছে৷
ফলত কৃষিৰ উৎপাদন কমি আহিছে৷ তাৰ মাজতে চৰহা পোকৰ এনে তাণ্ডৱৰ ফলত গেঁৰ ধৰা ধান নষ্ট হৈ গৈছে৷ সাধাৰণতে কঠিয়া নতুবা কোমল ধানৰ পাতত এনে পোকে আক্ৰমণ কৰে যদিও এইবেলি শোৰপোকে গেঁৰ ধৰা তথা কাটিবলৈ সময় হোৱা ধানত আক্ৰমণ কৰাত খেতিয়কৰ মাজত হাহাকাৰ লাগে৷ বাৰিষাৰ কালছোৱা প্ৰলয়ংকাৰী বানপানীৰ পিছত অতি কষ্টৰে কঠিয়া কিনি খেতি কৰা খেতিয়কসকলক শুৰপোকে ব্যাপক ক্ষতি কৰে৷ মানিকপুৰৰ ফেউৰাখোৱা অঞ্চলত খেতি পথাৰত শুৰপোকে সন্ত্ৰাস চলােৱাৰ ফলত দিশহাৰা হৈ পৰিছে কৃষক।