কোকৰাঝাৰঃ কোকৰাঝাৰৰ ফকিৰাগ্ৰামৰ এখন বিদ্যালয়ত চিলিঙৰ পৰা পৰি এগৰাকী ছাত্ৰৰ মৃত্যু হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। জিলা খনৰ ফকিৰাগ্ৰাম পাখ্ৰীতল পাহান বস্তি এলপি স্কুলৰ প্ৰায় ১০ বছৰীয়া তথা পঞ্চম শ্ৰেণীৰ ছাত্ৰ ৰফিকুল আলিৰ চিলিঙৰ পৰা পৰি মৃত্যু হয়৷
প্ৰাপ্ত অভিযোগ মতে যোৱা ৩১ মাৰ্চত ছাত্ৰ ৰফিকুলে বিদ্যালয়ৰ পাঠদান চলি থকা অৱস্থাত পাৰ চৰাইৰ বাহ ভাঙিবলৈ তথা পাৰ চৰাইৰ পোৱালি ধৰিবলৈ স্কুলৰ চিলিঙত উঠে যদিও দূৰ্ভাগ্যক্ৰমে চিলিঙৰ পৰা ছাত্ৰগৰাকী সৰি পৰাত গুৰুতৰভাৱে আহত হয়।