কোকৰাঝাৰঃ কোকৰাঝাৰ জিলা দোতমাৰ বৰাগাড়ী গাঁৱত ১৯৫৬ চনৰ ৩১ মাৰ্চ অৰ্থাৎ আজিৰ দিনটোতে এক দুখীয়া পৰিয়ালত জন্ম গ্ৰহণ কৰিছিল বড়োসকলৰ স্বাধীকাৰ-অস্তিত্ব, ভাষা-সংস্কৃতি, ৰাজনৈতিক-অৰ্থনৈতিক নিৰাপত্তাৰ দাবীৰে পৃথক বডোলেণ্ড ৰাজ্য গঠনৰ বাবে সংগ্ৰাম কৰা ডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মই৷
বড়ো জনগোষ্ঠীৰ সংগ্ৰামক তীব্ৰতৰ ৰূপ দিয়া বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ শনিবাৰে ৬২তম জন্ম দিৱস। ১৯৮৬ চনত এবছুৰ সভাপতি ৰূপে নিৰ্বাচিত হোৱাৰ পিছতে পৃথক বডোলেণ্ড ৰাজ্য গঠনৰ সংগ্ৰামক তীব্ৰতৰ কৰি তোলা বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ জন্মদিনটো ২০০৬ চনৰ পৰাই এবছুৱে ছাত্ৰ দিৱস হিচাপে উদযাপন কৰি আহিছে।