newsnextone.com | কোকৰাঝাৰঃ মানুহৰ কৰ্মকাণ্ডই আকৌ এবাৰ লজ্জানত কৰিলে সভ্য সমাজক। মানুহ নামৰ একাংশ নামধাৰী পাষণ্ঠৰ কৰ্মকাণ্ডই সভ্য সমাজক প্ৰতিনিয়ত লজ্জানত কৰি ৰখাৰ সময়তে এইবাৰ কোকৰাঝাৰত আন এক অমানুষিক আৰু হৃদয় কপোঁৱা ঘটনা সংঘটিত হৈছে। কোকৰাঝাৰ সদৰ চহৰৰ নাতিদূৰৈৰ কালিপুখুৰী অঞ্চলৰ এক অতি দুখীয়া পৰিয়ালৰ পিতৃহীন নাৱালিকাৰ ভৱিষ্যতৰ কথা চিন্তা কৰিয়ে দুখীয়া মাতৃয়ে তেওঁৰ কণমানি জীয়ৰীক পূব বৰ্ষণগাঁৱৰ সবিৰাম ৰায়ৰ হাতত তুলি দিয়ে। 

সবিৰাম ৰায়ৰ নিজৰ সন্তান নথকাত কণমানি ছোৱালীজনীক নিজৰ জীয়ৰী হিচাপে তুলি হোৱাৰ প্ৰতিশ্ৰুতি দিয়ে আৰু বিদ্যালয়ত নামভৰ্তি কৰি দিব বুলিও প্ৰতিজ্ঞাবদ্ধ হয়। তিনিবছৰ পূৰ্বে তুলি লোৱা ছোৱালীজনীৰ বয়স এতিয়া ৬ বছৰ হ'ল। কেইদিনমান পূৰ্বে ছোৱালীজনীৰ মাতৃয়ে খবৰ লবলৈ সবিৰাম ৰায়ৰ ঘৰলৈ যোৱাতহে ওৰহিৰ ওৰ ওলাই পৰে। কণমানি ছোৱালীজনী কোনোপধ্যে সবিৰাম ৰায়ৰ ঘৰত থাকিব নিবিচৰাত মাতৃয়ে ছোৱালীজনীক ঘৰলৈ লৈ আহে। ঘৰলৈ অহাৰ পিছত কণমানি ছোৱালীজনীয়ে মাতৃৰ আগত যৌন নিৰ্যাতনৰ বলি হোৱাৰ কথা সদৰি কৰে আৰু দেহৰ গোপন অংগত থকা আঘাতবোৰ দেখুৱায়।

৬ বছৰীয়া কণমানি নাৱালিকাগৰাকীয়ে অভিযোগ কৰা মতে তাই পিতৃ বুলি ভৱা সবিৰাম ৰায়ে প্ৰায়ে তাইক যৌন নিৰ্যাতন চলায় আৰু কাৰোবাৰ আগত প্ৰকাশ কৰিলে মাৰপিট কৰাৰ ভাবুকি প্ৰদান কৰে। তদুপৰি মাজে সময়ে সবিৰাম ৰায়ে তেওঁক মাৰধৰো কৰে বুলি অভিযোগ কৰি সেইখন ঘৰলৈ আৰু তাই কাহানিও ঘূৰি নাযায় বুলি কান্দি কান্দি মাকৰ আগত প্ৰকাশ কৰিছে। ভদ্ৰলোকে পঢ়াই শুনাাই ডাঙৰ দীঘল কৰিব বুলি সপোন দেখি থকা মাতৃয়ে নিজ কন্যাৰ এনে দুদৰ্শা দেখি হতচকিত হৈ পৰে আৰু স্থানীয় আক্ৰাছুক ঘটনা সন্দৰ্ভত অৱগত কৰে।

আক্ৰাছুৰ উপদেশ মৰ্মে দূৰ্ভগীয়া নাৱালিকাগৰাকীৰ মাতৃয়ে কোকৰাঝাৰ সদৰ থানাত এক এজাহাৰ দাখিল কৰি ঘটনাটোৰ ন্যায় প্ৰদান কৰিবলৈ দাবী উত্থাপন কৰিছে। ইপিনে কোকৰাঝাৰ সদৰ থানাত গোচৰ ৰুজু হোৱাৰ পিছতে শুকুৰবাৰে কাজিগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মানিক চন্দ্ৰ ৰায়ে অভিযুক্ত সবিৰাম ৰায়ক পক্সো আইনৰ অধীনত গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে। আনহাতে সংবাদমাধ্যমৰ আগত অভিযুক্ত সবিৰাম ৰায়ে নিজকে নিৰ্দোষী বুলি দাবী কৰিছে।