newsnextone.com | কোকৰাঝাৰঃ মানুহৰ কৰ্মকাণ্ডই আকৌ এবাৰ লজ্জানত কৰিলে সভ্য সমাজক। মানুহ নামৰ একাংশ নামধাৰী পাষণ্ঠৰ কৰ্মকাণ্ডই সভ্য সমাজক প্ৰতিনিয়ত লজ্জানত কৰি ৰখাৰ সময়তে এইবাৰ কোকৰাঝাৰত আন এক অমানুষিক আৰু হৃদয় কপোঁৱা ঘটনা সংঘটিত হৈছে। কোকৰাঝাৰ সদৰ চহৰৰ নাতিদূৰৈৰ কালিপুখুৰী অঞ্চলৰ এক অতি দুখীয়া পৰিয়ালৰ পিতৃহীন নাৱালিকাৰ ভৱিষ্যতৰ কথা চিন্তা কৰিয়ে দুখীয়া মাতৃয়ে তেওঁৰ কণমানি জীয়ৰীক পূব বৰ্ষণগাঁৱৰ সবিৰাম ৰায়ৰ হাতত তুলি দিয়ে।
সবিৰাম ৰায়ৰ নিজৰ সন্তান নথকাত কণমানি ছোৱালীজনীক নিজৰ জীয়ৰী হিচাপে তুলি হোৱাৰ প্ৰতিশ্ৰুতি দিয়ে আৰু বিদ্যালয়ত নামভৰ্তি কৰি দিব বুলিও প্ৰতিজ্ঞাবদ্ধ হয়। তিনিবছৰ পূৰ্বে তুলি লোৱা ছোৱালীজনীৰ বয়স এতিয়া ৬ বছৰ হ’ল। কেইদিনমান পূৰ্বে ছোৱালীজনীৰ মাতৃয়ে খবৰ লবলৈ সবিৰাম ৰায়ৰ ঘৰলৈ যোৱাতহে ওৰহিৰ ওৰ ওলাই পৰে। কণমানি ছোৱালীজনী কোনোপধ্যে সবিৰাম ৰায়ৰ ঘৰত থাকিব নিবিচৰাত মাতৃয়ে ছোৱালীজনীক ঘৰলৈ লৈ আহে। ঘৰলৈ অহাৰ পিছত কণমানি ছোৱালীজনীয়ে মাতৃৰ আগত যৌন নিৰ্যাতনৰ বলি হোৱাৰ কথা সদৰি কৰে আৰু দেহৰ গোপন অংগত থকা আঘাতবোৰ দেখুৱায়।