কোকৰাঝাৰঃ শান্তি, একতা আৰু সাংস্কৃতিক সমন্বয়ৰ মুল উদ্দশ্যেৰে বিটিএডিৰ সদৰ কোকৰাঝাৰ চহৰৰ বডোফা নগৰস্থিত বিটিচি সচিবালয় পথাৰত শনিবাৰৰ পৰা দুদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে বৈশাগু বাৰদৈ চিখলা উৎসৱ আৰম্ভ হৈছে। বিটিচি প্ৰশাসনৰ উদ্যোগত উদযাপিত হোৱা বৈশাগু বাৰদৈ চিখলা উৎসৱৰ প্ৰথম দিনৰ কাৰ্যসূচীৰ শুভ উদ্বোধন কৰে বিটিচিৰ কাৰ্যবাহী সদস্য দনেশ্বৰ গয়াৰীয়ে।
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বিহু, বৈশাগু নৃত্যৰ দলে সাংস্কৃতিক কাৰ্যসূচী পৰিৱেশন কৰি উপস্থিত বিহুবলীয়া ৰাইজক আপ্লুত কৰে৷ প্ৰতিযোগিতা আয়োজিত কৰা হয়৷ বৈশাগু নৃত্য, বিহু নৃত্যৰ উপৰিও ৰাভা, গাৰো, মিচিং আদি জনগোষ্ঠীও নৃত্যই উদযাপনথলীৰ পৰিৱেশ মুখৰিত কৰে। বিটিচিৰ কাৰ্যবাহী সদস্য দনেশ্বৰ গয়াৰীয়ে উৎসৱৰ শুভাৰাম্ভ কৰি কয় যে ৰাজ্যৰ সকলো জাতি জনগোষ্টীক লৈ বিটিচি প্ৰশাসনৰ উদ্যোগত বৈশাগু বাৰদৈ চিখলা উৎসৱৰ জৰিয়তে শান্তি, একতা আৰু সাংস্কৃতিক সমন্বয়ৰ বাৰ্তা সমাজলৈ যাব বুলি আশা প্ৰকাশ কৰে।