49
কোকৰাঝাৰঃ কোকৰাঝাৰৰ ছেৰফাংগুৰীৰ ৩১ নং (গ) ৰাষ্ট্ৰীয় ঘাইপথত মঙলবাৰে নিশা এক ভয়ংকৰ ঘটনা সংঘটিত হয়। ইউ টি চিৰ বিৰোধিতাৰে আক্ৰাছুকে ধৰি কেইবাটাও সংগঠনে আহ্বান জনোৱা বন্ধৰ সময়ছোৱাতে মঙলবাৰৰ নিশা ১১ মান বজাত দুৰ্ষ্কৃতিকাৰীয়ে চেৰফাংগুৰীৰ ৩১নং(গ) ৰাষ্ট্ৰীয় ঘাইপথত থানাৰপৰা মাথো এক কিল’মিটাৰ আৰু আক্ৰাছু কাৰ্যালয়ৰ পৰা মাথো ১০০ মিটাৰ আঁতৰত এখন ১৮ চকীয়া ময়দা ভৰ্তি ট্ৰাক জ্বলাই দিয়াৰ লগতে ট্ৰাকত থকা চালক আৰু সহ-চালককো আক্ৰমণ কৰে।