কোকৰাঝাৰঃ জনজাতিকৰণৰ দাবীত আজি জনগোষ্ঠীয় ঐক্যমঞ্চই আহ্বান জনোৱা ১২ ঘণ্টীয়া অসম বন্ধৰ সময়ছোৱাত কোকৰাঝাৰ জিলাত কেবাটাও বিক্ষিপ্ত ঘটনা সংঘটিত হৈছে। জিলাখনৰ ধুবুৰী বিলাসীপাৰা পথৰ শিলগাৰাত এখন হুণ্ডাই এচেণ্ট গাড়ীত বন্ধ সমৰ্থনকাৰীয়ে আক্ৰমণ চলাই ভস্মীভূত কৰাৰ লগতে জিলাখনৰ ফকিৰাগ্ৰাম আৰু শক্তিআশ্ৰমৰ ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ বন্ধ সমৰ্থনকাৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰে।

উল্লেখ্য যে আজি বন্ধৰ সময়ছোৱাতে ধুবুৰীৰ পৰা কোকৰাঝাৰ অভিমুখী এএছ ১৭ ই ৫৪৭৩ নম্বৰৰ হুণ্ডাই এচেণ্ট গাড়ীখনক বন্ধ সমৰ্থকে শিলগাৰাত আগচি ধৰে আৰু চালকক বাহিৰ কৰি মাৰপিট কৰে। গাড়ীখনত যাত্ৰী হিচাপে থকা ধনৰাজ চৌধুৰীকো বন্ধ সমৰ্থনকাৰীসকলে দাবী ধমকি দিয়ে আৰু তাৰপিছত বন্ধ সমৰ্থনকাৰীসকলে গাড়ীখনত পেট্ৰল ঢালি জুই লগাই দিয়াত গাড়ীখন দাউ দাউকৈ জ্বলি উঠে। আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে যদিও বাতৰি লিখা পৰলৈকে গাড়ী জ্বলোৱা ঘটনাৰ সৈতে জড়িত দুষ্কৃতিকাৰীক কৰায়ত্ব কৰিবলৈ সমৰ্থ হোৱা নাই।

আজি ছয় জনগোষ্ঠীৰ দ্বাৰা আহ্বায়িত বন্ধৰ সময়ছোৱাত কোকৰাঝাৰ জিলাত যাত্ৰীবাহী যান-বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ থকাৰ লগতে বেংক, বীমা, চৰকাৰী-বেচৰকাৰীকে ধৰি প্ৰায়ভাগ কাৰ্যালয়ো বন্ধ থাকে। ইয়াৰোপৰি কোকৰাঝাৰ সদৰ চহৰ, গোসাঁইগাঁও চহৰৰ লগতে জিলাখনৰ ফকিৰাগ্ৰাম, শক্তিআশ্ৰম, চিথিলা, ভোটগাঁও, তিতাগুৰী, বালাজান তিনালী, কালিপুখুৰী, ছালাকাটি  আদি অঞ্চলত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰে । ৩১(গ)নং ৰাষ্ট্ৰীয় ঘাইপথতো বন্ধৰ সময়ছোৱাত যান বাহনৰ চলাচল বন্ধ থাকে আৰু শ্ৰীৰামপুৰ আন্ত:ৰাজ্যিক তালাচী চকীত মালবাহী ট্ৰাকসমুহ আৱদ্ধ হৈ পৰিছে।

ইপিনে বন্ধ সফল কৰি তোলাৰ বাবে আক্ৰাছুৰ সভাপতি হিতেশ্বৰ বৰ্মনে জনসাধাৰণৰ প্ৰতি ধন্যবাদ জ্ঞাপন কৰিছে। সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত  আক্ৰাছুৰ সভাপতি হিতেশ্বৰ বৰ্মনে কয় যে ছয় জনগোষ্ঠীও ৰাইজক চৰম প্ৰতাৰণা কৰা বাবে বিজেপি চৰকাৰে সময়ত চৰম মুল্য ভৰিব লাগিব। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মিছলীয়া মুখ্যমন্ত্ৰী হিচাপে ইতিহাসত লিপিবদ্ধ হৈ থাকিব বুলি মন্তব্যৰে আক্ৰাছুৰ সভাপতি হিতেশ্বৰ বৰ্মনে সততে জাতি মাটি ভেটিৰ শ্লোগান আওঁৰোৱা বিজেপি দলৰ মুখা ইতিমধ্যেই খোল খাইছে বুলি মত প্ৰকাশ কৰিছে।

বিবৃতিটোত গৃহ মন্ত্ৰালয়ৰ যুটীয়া সচিব সত্যেন্দ্ৰ গাৰ্গে যোৱা এক জুলাইত গুৱাহাটীত ৰাজনৈতিক অধিকাৰ অবিহনে ছয় জনগোষ্ঠীক জনজাতিকৰণৰ ইংগিত দিয়াত তীব্ৰ ক্ষোভ প্ৰকাশ কৰি কয় যে  এক দেশ, এক সংবিধান, সম উন্নয়ন, সমঅধিকাৰৰ কথা কোৱা চৰকাৰে কিহৰ ভিত্তিত ৰাজনৈতিক অধিকাৰ অবিহনে ছয় জনগোষ্ঠীক জনজাতিকৰণৰ কৰিব বিচাৰিছে বুলিও প্ৰশ্ন উত্থাপন কৰিছে।

ছয় জনগোষ্ঠীৰ আৱেগ অনুভূতিক লৈ হেতালি নেখেলিবলৈ সকীয়নি প্ৰদান কৰি আক্ৰাছুৰ সভাপতি হিতেশ্বৰ বৰ্মনে কোচ ৰাজবংশীসকলক জনজাতিকৰণ নকৰা পৰ্যন্ত আৰু পৃথক কমতাপুৰ ৰাজ্য পুণৰগঠন নোহোৱা পৰ্যন্ত আক্ৰাছুৱে আন্দোলন অব্যাহত ৰাখিব বুলি সদৰি কৰিছে। আনহাতে শিলগাৰা ঘটনাৰ সৈতে আক্ৰাছু কৰ্মী জড়িত নহয় বুলি স্পষ্ট কৰি দিছে আক্ৰাছুৰ সভাপতি হিতেশ্বৰ বৰ্মনে।