newsnextone.com | কোকৰাঝাৰঃ বাথৌ ধৰ্মই হ'ল বড়োসকলৰ আদি ধৰ্ম। সমাজত বিভিন্ন ধৰ্মৰ ভক্তপ্ৰাণ লোক থাকিব পাৰে, ধৰ্ম যিয়েই নহওঁক কিয় ভগৱান কিন্তু এজনেই। সকলো ধৰ্মই শান্তিৰ কথাকে কয়। এই মন্তব্য হাগ্ৰামা মহিলাৰীৰ। বিটিএডিৰ প্ৰাণ কেন্দ্ৰ কোকৰাঝাৰত দুদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে উদযাপিত হোৱা নিখিল বাথৌ মহাসভাৰ ২৬ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিটিচিৰ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে আজি এই মন্তব্য প্ৰকাশ কৰিছে। 

ইপিনে ধৰ্ম আৰু শান্তিৰ কথা কোৱা হাগ্ৰামা মহিলাৰীয়ে অৱশ্যে এবছুক কটাক্ষ কৰিব নাপাহৰিলে। হাগ্ৰামা মহিলাৰীয়ে নিখিল বড়ো ছাত্র সন্থা চমুকৈ এবছুক সমালোচনা কৰি বড়োলেণ্ড ৰাজ্য গঠন নহয় বুলি কয়৷ বড়োলেণ্ড ৰাজ্য গঠন সন্দৰ্ভত মত ব্যক্ত কৰি হাগ্ৰামাই কয় ‘‘আজিৰ দিনটোত সুকীয়া ৰাজ্য তথা বডোলেণ্ড ৰাজ্য কালিৰ কথা কোৱা নাই, কালি বডোলেণ্ড হব পাৰে, কিন্তু আজিৰ দিনটোত নহয়, বডোলেণ্ড আমাকো লাগে কিন্তু আজিৰ দিনত অসম আৰু কেন্দ্ৰীয় চৰকাৰৰ হাতত যিহেতু নতুন ৰাজ্য গঠন কৰাৰ কোনো পলিচি নাই সেয়েহে বড়োলেণ্ড নহয়৷’’

আনহাতে মহিলাৰীয়ে বিধায়ক পুঁজিৰ ধন যদিহে অসম সত্ৰ মহাসভাক উন্নয়নমুলক কাম কৰাৰ বাবে দিব যদি পাৰে তেন্তে আমিও বিটিচিৰ অন্তৰ্গত থকা বিভিন্ন জাতি জনজাতিৰ হিন্দু, ইছলাম, খৃষ্টান ধৰ্মীয় লোকৰ উন্নয়নমুলক কাম কাজত সাহায্য আগবঢ়াব বুলি ঘোষণা কৰিছে। উল্লেখ্য যে, কোকৰাঝাৰ চহৰৰ চান্দামাৰীস্থিত বডোফা সাংস্কৃতিক প্ৰকল্প চৌহদত ১৫ মে’ৰ পৰা আৰম্ভ হোৱা নিখিল বাথৌ মহাসভাৰ ২৬ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপনৰ বুধবাৰে অন্তিম দিনৰ কাৰ্যসূচীত ভক্তই চোকা তৰোৱালৰ নৃত্য প্ৰদৰ্শন কৰাৰ উপৰিও চান্দামাৰীস্থিত বডোফা সাংস্কৃতিক প্ৰকল্প চৌহদৰ পৰা কোকৰাঝাৰ চহৰলৈ এক শান্তি সমদলো উলিয়াই। 

অন্তিম দিনৰ কাৰ্যসূচী মুকলি সভাত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ উপৰিও ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰী, বিটিচিৰ উপ-মুখ্য খাম্ফা বৰগয়াৰী সহ বহু বাথৌ মহাসভাৰ নেতাসকলে অংশগ্ৰহণ কৰে। প্ৰতিষ্ঠা দিৱসত চুবুৰীয়া ৰাজ্য পশ্চিমবঙ্গ, মেঘালয়, নাগালেণ্ডৰ উপৰিও প্ৰতিবেশী ৰাষ্ট্ৰ বাংলাদেশ, নেপালৰ পৰা দুহেজাৰ প্ৰতিনিধিৰ উপৰিও প্ৰায় ৫ হেজাৰ ভক্তপ্ৰাণ ৰাইজে অংশগ্ৰহণ কৰে।