newsnextone.com | কোকৰাঝাৰঃ বাথৌ ধৰ্মই হ’ল বড়োসকলৰ আদি ধৰ্ম। সমাজত বিভিন্ন ধৰ্মৰ ভক্তপ্ৰাণ লোক থাকিব পাৰে, ধৰ্ম যিয়েই নহওঁক কিয় ভগৱান কিন্তু এজনেই। সকলো ধৰ্মই শান্তিৰ কথাকে কয়। এই মন্তব্য হাগ্ৰামা মহিলাৰীৰ। বিটিএডিৰ প্ৰাণ কেন্দ্ৰ কোকৰাঝাৰত দুদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে উদযাপিত হোৱা নিখিল বাথৌ মহাসভাৰ ২৬ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিটিচিৰ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে আজি এই মন্তব্য প্ৰকাশ কৰিছে।
ইপিনে ধৰ্ম আৰু শান্তিৰ কথা কোৱা হাগ্ৰামা মহিলাৰীয়ে অৱশ্যে এবছুক কটাক্ষ কৰিব নাপাহৰিলে। হাগ্ৰামা মহিলাৰীয়ে নিখিল বড়ো ছাত্র সন্থা চমুকৈ এবছুক সমালোচনা কৰি বড়োলেণ্ড ৰাজ্য গঠন নহয় বুলি কয়৷ বড়োলেণ্ড ৰাজ্য গঠন সন্দৰ্ভত মত ব্যক্ত কৰি হাগ্ৰামাই কয় ‘‘আজিৰ দিনটোত সুকীয়া ৰাজ্য তথা বডোলেণ্ড ৰাজ্য কালিৰ কথা কোৱা নাই, কালি বডোলেণ্ড হব পাৰে, কিন্তু আজিৰ দিনটোত নহয়, বডোলেণ্ড আমাকো লাগে কিন্তু আজিৰ দিনত অসম আৰু কেন্দ্ৰীয় চৰকাৰৰ হাতত যিহেতু নতুন ৰাজ্য গঠন কৰাৰ কোনো পলিচি নাই সেয়েহে বড়োলেণ্ড নহয়৷’’