কোকৰাঝাৰঃ অখিল হিন্দীভাষী বিকাশ পৰিষদৰ তৃতীয় প্ৰতিষ্ঠা দিৱস দিনজোৰা কাৰ্যসূচীৰে কোকৰাঝাৰস্থিত মাৰোৱাৰী যুৱ মঞ্চৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়৷ উল্লেখ্য যে অখিল হিন্দীভাষী বিকাশ পৰিষদৰ কোকৰাঝাৰ জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী অনুসৰি শনিবাৰে পুৱা ৯.৩০ বজাত ভৰত শৰ্মাৰ দ্বাৰা পতাকা উত্তোলন আৰু শ্ৰদ্ধাঞ্চলী অনুষ্ঠান অনুষ্ঠিত হয়৷
ইয়াৰ পিছতে বন্তি প্ৰজ্বলন কৰে বিটিচিৰ কাৰ্যবাহী সদস্য দনেশ্বৰ গয়াৰীয়ে৷ আনহাতে দুপৰীয়া ১১ বজাৰ পৰা পিচি ঝাৰ অধ্যক্ষতাত মুকলি সভা অনুষ্ঠিত হয়৷ মুকলি সভাত মুখ্য অতিথি হিচাপে বিটিচিৰ কাৰ্যবাহী সদস্য দনেশ্বৰ গয়াৰীয়ে অংশ গ্ৰহণ কৰি বিটিচিত বসবাস কৰা হিন্দীভাষী লোকসকলৰ উন্নয়নৰ বাবে বিটিচি কৰ্তৃপক্ষই কাম কৰি যাব বুলি কয়৷