কোকৰাঝাৰঃ আৰক্ষী থানা নহয় যে লোক আদালতে হে৷ দুই বিবাদী পক্ষক সৈমান কৰি সমিল-মিলেৰে গোচৰ নিস্পত্তি কৰিবলৈ এখন আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক লাগে নগদ টকা৷ কোনো গোচৰ নিস্পত্তিৰ বাবে আদালতলৈ যোৱাৰ প্ৰয়োজন নাই, অ’ চি ছাৰেই যেন আদালত৷কোকৰাঝাৰ জিলাৰ চিথিলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ইমৰান আলিয়ে থানাখনত ৰুজু হোৱা বিভিন্ন গোচৰ মীমাংসাৰ বাবে উৎকোচ লোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈ আহিছে৷
থানাখনত কিবা ঘটনাৰ বিষয়ে গোচৰ ৰুজু হলে আৰক্ষী বিষয়া ইমৰান আলিয়ে ইয়াৰ সুযোগ গ্ৰহণ কৰি গোচৰ মীমাংসা কৰি দিয়াৰ বাবে আচামী পক্ষৰ পৰা উৎকোচ লোৱাৰ অভিযোগ উত্থাপি হৈ অহাৰ সময়তে চিথিলাৰ লাকিলুৰ আলি ফকিৰৰ পৰা আৰক্ষী বিষয়াগৰাকীয়ে ১ লাখ ৮০ হাজাৰ টকা দাবী কৰে যদিও অৱশেষত দহ হাজাৰ টকাত মান্তি হোৱাৰ অভিযোগ উত্থাপন হয়৷