Home ৰাজ্যকোকৰাঝাৰত বিদ্যুতস্পৃষ্ট হৈ পুনৰ এগৰাকীৰ মৃত্যু

কোকৰাঝাৰত বিদ্যুতস্পৃষ্ট হৈ পুনৰ এগৰাকীৰ মৃত্যু

by News Desk
A+A-
Reset
kokrajhar elecric

কোকৰাঝাৰ,৭ নৱেম্বৰঃ   কোকৰাঝাৰৰ বিছমুৰী শামুকাগুৰী গাঁৱত কালি অৰ্থাৎ ৬ নৱেম্বৰৰ সন্ধিয়া বিদ্যুতস্পৃষ্ট হৈ দুজনকৈ যুৱক মৃত্যু হোৱাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই পুনৰ জিলাখনৰ জাওলিয়াপাৰাৰ আন এগৰাকী মহিলা বিদ্যুতস্পৃষ্ট হৈ মৃত্যুমুখত পৰা ঘটনাই জিলাখনত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। বিদ্যুতস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত হৈ চিকিৎসালয়ত মৃত্যুবৰণ কৰা মহিলাগৰাকীক জাওলিয়াপাৰাৰ বিল্লাল শ্বেখৰ পত্নী  আনজিনা বিবি (২২) বুলি জানিব পৰা গৈছে ।

আজি পৰিয়ালৰ তৰফৰপৰা কোকৰাঝাৰ সদৰ থানাত দিয়া এজাহাৰত উল্লেখ কৰা মতে মাথো দুদিন পূৰ্বে বিল্লাল শ্বেখৰ ঘৰত নতুনকৈ বিদ্যুৎ সংযোগ লগোৱা হৈছিল। এজাহাৰকাৰী আচমত আলি শ্বেখে অভিযোগ কৰা মতে সংযোগ দিয়াৰ বাবদ মাথো ২০০ টকা নিদিয়াৰ বাবেই বিভাগীয় কৰ্মচাৰীসকলে কাম সম্পাদন কৰাৰ ক্ষেত্ৰত গাফিলতি কৰে আৰু তেওঁলোকৰ অজ্ঞাতে ঘৰ বেৰ আদি সকলো বিদ্যুৎ পৰিবাহী হৈ পৰে। বিল্লাল শ্বেখৰ পত্নী আনজিনা বিবিয়ে কালি তাঁৰত কাপোৰ মেলি দিওঁতেই বিদ্যুতস্পৃষ্ট হৈ পৰে আৰু গুৰুতৰভাৱে আহত হয় । পৰিয়ালৰ লোকে কোকৰাঝাৰ আৰ এন বি চিকিৎসালয়ত ভৰ্তি কৰায় যদিও আনজিমা বিবি মৃত্যুমুখত পৰে। ঘটনা সংক্ৰান্তত ইতিমধ্যে পৰিয়ালৰ তৰফৰপৰা ঠিকাদাৰ মহিবুল শ্বেখ আৰু নজৰুল ইছলামৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে ।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0