61
কোকৰাঝাৰঃ পোহৰৰ উৎসৱ দীপাৱলীৰ আনন্দ উছাহৰ মাজতেই কোকৰাঝাৰত আজি এক ভয়ংকৰ অঘটন সংঘটিত হয়। মূলত বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবেই বিদ্যুতস্পৃষ্ট হৈ দুই যুৱকৰ কৰুণভাৱে মৃত্যু হোৱাত জিলাখনত ব্যাপক চাঞ্চল্য আৰু ক্ষোভৰ সৃষ্টি হৈছে । বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবেই বিদ্যুতস্পৃষ্ট হৈ কৰুণ মৃত্যুক আঁকোৱালি লোৱা যুৱক দুজন হ’ল ক্ৰমে সৌমখৌৰ বসুমতাৰী (২৫) আৰু ৰাজু বসুমতাৰী (২০)।
