কোকৰাঝাৰঃ কোকৰাঝাৰৰ ট্ৰেফিক আৰক্ষী আৰু গাড়ীচালকৰ সংঘাতৰ ফলত আজি কোকৰাঝাৰত যাত্ৰীসকলে চৰম দূৰ্ভোগ ভূগিব লগা হয়। গাড়ীচালক সকলে হঠাতেই যান বাহনৰ চলাচল বন্ধ কৰি দি আৰক্ষীৰ বিৰুদ্ধে ধৰ্ণা কাৰ্য আৰম্ভ কৰাত ছাত্ৰ-ছাত্ৰী, চাকৰিজীৱি আদিকে কৰি সাধাৰণ যাত্ৰীসকলে আজি ব্যাপক দূৰ্ভোগ ভূগিব লগা হয়।
উল্লেখ্য যে কালি ট্ৰেফিক আৰক্ষীৰ কনিষ্টবল উৎপল ব্ৰহ্মই আৰএনবি পথত ৪০৭ মিনিবাচ এখন পাৰ্কিং কৰাক লৈয়ে চালক পুলেন ৰায়ৰ সতে তৰ্ক-বিতৰ্কত লিপ্ত হৈ চালক পুলেন ৰায়ক বেয়াকৈ প্ৰহাৰ কৰে । যাৰ পৰিণতিতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত চালক পুলেন ৰায় চিকিৎসালয়ত ভৰ্তি হবলগীয়া হয়।