কোকৰাঝাৰঃ পৃথক বড়োলেণ্ড ৰাজ্য গঠন আৰু প্ৰস্তাৱিত বড়োলেণ্ডৰ বাহিৰত বসবাস কৰা বড়োসকলৰ ৰাজনৈতিক অধিকাৰৰ দাবীত আজি এবছু,এনডিএফবি (প্ৰ) আৰু পিজেএচিবিএম’ৰ দ্বাৰা আহ্বান জনোৱা ১২ ঘন্টীয়া অসম বন্ধৰ সময়ছোৱাত কোকৰাঝাৰ জিলাৰ সৰ্বত্ৰে বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰে৷
বন্ধৰ সময়ছোৱাত জিলাখনত কোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱা নাই যদিও স্কুল-কলেজ,বেংক,বীমা, চৰকাৰী-বেচৰকাৰী কাৰ্যালয়,অনুষ্ঠান-প্ৰতিষ্ঠানকে ধৰি দোকান-পোহাৰ, হাট-বজাৰ, গাড়ী-মটৰ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰাত জনজীৱন ব্যাহত হৈ পৰে৷