Home ৰাজ্যকোকৰাঝাৰত যুৱতীৰ মৃতদেহ উদ্ধাৰক লৈ অদ্যপি অব্যাহত গভীৰ ৰহস্য

কোকৰাঝাৰত যুৱতীৰ মৃতদেহ উদ্ধাৰক লৈ অদ্যপি অব্যাহত গভীৰ ৰহস্য

by News Desk
51 views
A+A-
Reset

কোকৰাঝাৰঃ  কোকৰাঝাৰৰ গেন্দ্ৰাবিলৰ নন্দিনী নাথ নামৰ এগৰাকী ছাত্ৰীৰ অৰ্ধ অগ্নিদগ্ধ মৃতদেহ যোৱা ২৭ অক্টোবৰত গেন্দ্ৰাবিলৰ ধাননি পথাৰত উদ্ধাৰ হোৱাৰ পিছত আজিও অব্যাহত আছে গভীৰ ৰহস্য আৰু চাঞ্চল্য । যোৱা ২৬ অক্টোবৰৰ নিশা গেন্দ্ৰাবিলত লক্ষ্মী পুজাৰ মেলা চাই ঘৰলৈ উভতি অহাৰ পিছতেই ঘৰৰ পৰাই নন্দিনী সন্ধানহীন হোৱাৰ পিছত ছাত্ৰীগৰাকীৰ অৰ্ধ অগ্নিদগ্ধ মৃতদেহ ২৭ অক্টোবৰৰ বিয়লি ধাননি পথাৰত ভৰি বন্ধা অৱস্থাত উদ্ধাৰ হোৱাৰ পিছত সৃষ্টি হৈছিল গভীৰ ৰহস্য । বহুতেই এয়া পৰিকল্পিত হত্যাকাণ্ড বুলি সন্দেহ প্ৰকাশ কৰাৰ লগতে হত্যাৰ পূৰ্বে ছাত্ৰীগৰাকীক ধৰ্ষণ কৰা বুলিও সন্দেহ প্ৰকাশ কৰিছিল যদিও শেহতীয়াভাৱে আৰক্ষীৰ তদন্তত অইন দিশহে উন্মোচিত হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে  । 

এনে এক পৰিস্থিতিৰ মাজতেই কাইলৈ অৰ্থাৎ ৩১ অক্টোবৰৰ বিয়লি ৫:০০ বজাত নাথ যোগী ছাত্ৰ সন্থাৰ উদ্যোগত কোকৰাঝাৰত এক বিশাল প্ৰতিবাদী জোৰ সমদল বাহিৰ কৰা হব । উক্ত জোৰ সমদলত আছু , এবছু , আক্ৰাছু, আছা , চাওতাল ছাত্ৰ সন্থা, সূত্ৰধৰ যুৱ ছাত্ৰ সন্থা , নাথ যোগী সন্মিলনী, যুদ্ধবিৰত আলফা , গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ আদিকে ধৰি কেবাটাও সংগঠনৰ নেতা -কৰ্মী সমৰ্থকে ভাগ লৈ নন্দিনী নাথৰ মৃত্যু ৰহস্যৰ  উদ্ঘাটন কৰিবলৈ দাবী উত্থাপনেৰে জোৰ সমদলত অংশগ্ৰহণ কৰিব । নাথ যোগী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অৰবিন্দ নাথে নন্দিনী নাথৰ হত্যাকাণ্ডক পৰিকল্পিত হত্যাকাণ্ড আখ্যা দি কাহলৈ কোকৰাঝাৰত অনুষ্ঠিত হবলগীয়া প্ৰতিবাদী জোৰ সমদলৰ পিছতো নন্দিনী হত্যাৰ মৃত্যু ৰহস্য আৰক্ষীয়ে উদ্ঘাটন কৰিব নোৱাৰিলে পৰবৰ্তী পৰ্যায়ত তীব্ৰ গণতান্ত্ৰিক আন্দোলন গ্ৰহণ কৰিব বুলি সদৰি কৰিছে । 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0