কোকৰাঝাৰঃ কোকৰাঝাৰস্থিত কেন্দ্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান চমুকৈ চি আই টিৰ প্ৰেক্ষাগৃহত আজিৰে পৰা তিনিদিনিয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে প্ৰথম আন্তঃৰাষ্ট্ৰীয় গ্ৰন্থাগাৰ ৰপান্তৰকৰণ অধিৱেশন।

কোকৰাঝাৰস্থিত চি আই টিৰ কেন্দ্ৰীয়  গ্ৰন্থাগাৰ বিভাগৰ উদ্যোগত আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ গ্ৰন্থাগাৰ আৰু তথ্য প্ৰযুক্তিবিজ্ঞান বিভাগৰ সহযোগত আজিৰে পৰা আৰম্ভ হোৱা অধিৱেশনখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে বিটিচিৰ উপমুখ্য কাৰ্যবাহী খাম্পা বৰগয়াৰীয়ে।

গ্ৰন্থাগাৰ ৰূপান্তৰকৰণৰ  প্ৰথম আন্তঃৰাষ্ট্ৰীয় সভা ২০১৭ গ্ৰন্থ উন্মোচনেৰে আন্তঃৰাষ্ট্ৰীয় অধিৱেশনখন উদ্বোধন কৰি বি টি চিৰ উপ মুখ্য তথা চি আই টি পৰিচালন সমিতিৰ সভাপতি খাম্ফা বৰগয়াৰীয়ে কয় যে বৰ্তমান  প্ৰতিযোগিতামুলক যুগত সকলো দিশতেই ডিজিটেলকৰণ হৈ পৰিছে।

ডিজিটেল লাইব্ৰেৰী হোৱাৰ বাবে প্ৰতিষ্ঠানৰ শিক্ষাৰ্থীসকলে ইন্টাৰনেটৰ জৰিয়তে সকলো ধৰণৰ গ্ৰন্থসমূহ অধ্যয়ন কৰাৰ সুবিধা লাভ কৰিছে বুলি উল্লেখ কৰি ডিজিটেল লাইব্ৰেৰীয়ে শিক্ষাৰ্থীসকলৰ জ্ঞানৰ পৰিসীমা বৃদ্ধিত সহায়ক হৈছে বুলিও মন্তব্য কৰে খাম্পা বৰগয়াৰীয়ে। 

উক্ত অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থকা শ্ৰীলংকাৰ কলম্বো বিশ্ববিদ্যালয়ৰ গ্ৰন্থাগাৰিক তথা তথ্য প্ৰযুক্তি বিজ্ঞানৰ সঞ্চালক প্ৰসন্ন ৰানা ৱীৰাই এনেধৰণৰ অনুষ্ঠানে আন্ত:ৰাষ্ট্ৰীয় সম্পৰ্ক মধুৰ কৰি তোলাৰ লগতে শিক্ষাৰ্থীসকলৰ জ্ঞানৰ পৰিধি বঢ়াত সহায় কৰে বুলি মন্তব্য কৰিছে ।

আনহাতে কোকৰাঝাৰ চি আই টিৰ গ্ৰন্থাগাৰিক ছাংগ্ৰাং ব্ৰহ্মই কয় যে গ্ৰন্থাগাৰক এটা জ্ঞানৰ ঘৰৰ সতে তুলনা কৰি জ্ঞান থাকিলেহে সকলোৱে শক্তিশালী হব বুলি মত প্ৰকাশ কৰে। 

আজিৰ কাৰ্যসূচীত আমেৰিকা, নেপাল, বাংলাদেশ, স্পেইন, শ্ৰীলংকা আদিকে ধৰি মুঠ আঠখন দেশৰ গ্ৰন্থাগাৰিকসকলে আমন্ত্ৰিত অতিথি ৰূপে অংশগ্ৰহণ কৰে। উল্লেখ্য যে আজিৰে পৰা আৰম্ভ হোৱা অধিৱেশনখনৰ অহা ১০ জুলাইত সামৰণি পৰিব।