49
কোকৰাঝাৰঃ কোকৰাঝাৰস্থিত কেন্দ্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান চমুকৈ চি আই টিৰ প্ৰেক্ষাগৃহত আজিৰে পৰা তিনিদিনিয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে প্ৰথম আন্তঃৰাষ্ট্ৰীয় গ্ৰন্থাগাৰ ৰপান্তৰকৰণ অধিৱেশন।
কোকৰাঝাৰস্থিত চি আই টিৰ কেন্দ্ৰীয় গ্ৰন্থাগাৰ বিভাগৰ উদ্যোগত আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ গ্ৰন্থাগাৰ আৰু তথ্য প্ৰযুক্তিবিজ্ঞান বিভাগৰ সহযোগত আজিৰে পৰা আৰম্ভ হোৱা অধিৱেশনখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে বিটিচিৰ উপমুখ্য কাৰ্যবাহী খাম্পা বৰগয়াৰীয়ে।