Home ৰাজ্যকি অৱস্থাত আছে ড° ভূপেন হাজৰিকা মুকলি মঞ্চ আৰু উদ্যান!

কি অৱস্থাত আছে ড° ভূপেন হাজৰিকা মুকলি মঞ্চ আৰু উদ্যান!

by News Desk
A+A-
Reset
mancha

ধনঞ্জয় নাথ, কোকৰাঝাৰঃ বিশ্ববিশ্ৰুত শিল্পী সুধাকণ্ঠ ভূপেন হাজৰিকাই সমাজৰ প্ৰতিগৰাকী লোকৰে কথা ভাবিছিল যদিও ভূপেন হাজৰিকাৰ মহাপ্ৰয়াণৰ পাছতে মহান শিল্পীগৰাকীৰ মৃত্যুদিনতো কোকৰাঝাৰত এগছি বন্তি প্ৰজ্বলন নহ’ল সুধাকণ্ঠৰ নামত নিৰ্মিত ‘ড° ভূপেন হাজৰিকা মুকলি মঞ্চ আৰু উদ্যান’ত। মুখ্যমন্ত্ৰী সপোনৰ প্ৰকল্প হিচাপে ঢাক-ঢোল বজাই ৰাজ্যৰ প্ৰতিটো উন্নয়ন খণ্ডতে নিৰ্মিত হোৱা ড° ভূপেন হাজৰিকা মুকলি মঞ্চ আৰু উদ্যানৰ এনে দুখলগা দৃশ্যই গুণমুগ্ধসকলক বাৰুকৈয়ে ব্যাথিত কৰিছে।
২৫ লাখ টকা ব্যায়সাপেক্ষে নিৰ্মাণ হ’বলগীয়া হোৱা ড° ভূপেন হাজৰিকা মুকলি মঞ্চ আৰু উদ্যান এতিয়াও কোকৰাঝাৰত অৰ্ধনিৰ্মিত অৱস্থাত আছে। যি সময়ত ড° ভূপেন হাজৰিকা মুকলি মঞ্চ আৰু উদ্যানত কণ কণ শিশুৰ কলৰৱৰে মুখৰিত হ’ব লাগিছিল তেনে সময়তে অতি দুৰ্ভাগ্যজনকভাৱে ড° ভূপেন হাজৰিকা মুকলি মঞ্চ আৰু উদ্যান গৰু ছাগলীৰ চৰণীয়া পথাৰত পৰিণত হৈছে।

মুখ্যমন্ত্ৰীৰ সপোনৰ প্ৰকল্পৰ এনে হতাশাজনক ছবিয়ে উদঙাই দিছে মানৱতাৰ জয়গান গোৱা, আজন্ম শিল্পী ভূপেন হাজৰিকাৰ প্ৰতি থকা চৰকাৰৰ দায়িত্ববোধ। চৰকাৰৰ সতে একেখন নাওৰ যাত্ৰী হোৱা খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ৰ একাংশ দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰীৰ বাবেই আজিও কোকৰাঝাৰত অৰ্ধনিৰ্মিত অৱস্থাত পৰি আছে মুখ্যমন্ত্ৰীৰ সপোনৰ প্ৰকল্প ড° ভূপেন হাজৰিকা মুকলি মঞ্চ আৰু উদ্যান। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0