কোকৰাঝাৰঃ ৰাজ্যৰ বহু পৰিয়ালৰ মহামিলন ঘটিল NRCৰ জৰিয়তে৷ উজনি-নামনি আৰু বৰাক উপত্যকাৰ পৰিয়ালৰ সৈতে সংযোগ বিচ্ছিন্ন হৈ থকা লোকৰ প্ৰতিদিনে মহামিলন ঘটাৰ বাতৰি প্ৰকাশ হৈ আহিছে৷ NRC এতিয়া মহামিলনৰ সাঁকো হৈ পৰিছে৷ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা মৰ্মে এনআৰচি উন্নীতকৰণৰ কাম দ্ৰুতগতিত অব্যাহত থকাৰ সময়তে কোকৰাঝাৰত সম্পূৰ্ণ ৪৬ বছৰৰ পিছত এনআৰচি পৰীক্ষণৰ সময়ত এটা পৰিয়ালৰ মহা মিলন হোৱা ঘটনাই পৰিয়াল দুটাৰ মাজত আনন্দৰ জোঁৱাৰ নামিছে।
মধুৰ সম্পৰ্ক আৰু সম্বন্ধ বিছিন্ন হৈ সূদীৰ্ঘ সময়ৰ অন্তত একেলগ হোৱা পৰিয়াল দুটা হ’ল ধেমাজি জিলাৰ চিমেন চাপৰিৰ বিপিন সুত্ৰধৰ আৰু আনজন হ’ল কোকৰাঝাৰ হেকাইপাৰাৰ শুক্লেশ্বৰ সুত্ৰধৰ। প্ৰাপ্ত বাতৰি অনুসৰি এনআৰচিৰ পৰীক্ষণৰ বাবে দুয়োটা পৰিয়াললৈ জাননি প্ৰেৰণ কৰা হৈছিল আৰু সেইমতে দুয়োটা পৰিয়ালে সোমবাৰে কোকৰাঝাৰ সদৰ চহৰৰ নাতিদূৰৈৰ তিতাগুৰীত এনআৰচি সেৱা কেন্দ্ৰত উপস্থিত হয়।