39
ধনঞ্জয় নাথ, কোকৰাঝাৰঃ কোকৰাঝাৰ লোকসভা সমষ্টিত অৱশেষত তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ অন্তত শেষ বিজয়ৰ হাঁহি মাৰিবলৈ সক্ষম হ’ল নিৰ্দলীয় প্ৰাৰ্থী নৱ কুমাৰ শৰণীয়াই।
কোকৰাঝাৰ লোকসভা সমষ্টিত নৱ কুমাৰ শৰণীয়াই ৪৭৯২০২ টা ভোট পোৱাৰ বিপৰীতে তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী বিপিএফৰ প্ৰমিলা ৰাণী ব্ৰহ্মই ৪৪১০১৭ টা ভোট লাভ কৰে। অৰ্থাৎ ৩৮১৮৫ টা ভোটৰ ব্যৱধানত জয়ী হয় নিৰ্দলীয় প্ৰাৰ্থী নৱ কুমাৰ শৰণীয়া।