কোকৰাঝাৰঃ কোকৰাঝাৰ আৰক্ষী আৰু ২১০ নং কোব্ৰা বেটেলিয়নে যৌথ অভিযান চলাই সোমবাৰে ৰিপু সংৰক্ষিত বনাঞ্চলৰপৰা এজন যুৱক আৰু এগৰাকী যুৱতী এন ডি এফ বি (সং)ৰ সদস্যক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
যৌথ অভিযানত আটকাধীন যুৱকজন ছেৰফাংগুৰী থানাৰ অন্তৰ্গত হাজৰকিয়া গাঁৱৰ ৰবীন ওৱাৰী ওৰফে ৰৌ ৰৌ (২৪) আৰু যুৱতীগৰাকীক চিৰাং জিলাৰ চিদলী থানাৰ অন্তৰ্গত গাৰ্লাবাৰীৰ ৰিছিমা নাৰ্জাৰী ওৰফে এন ৰুজু বুলি আৰক্ষীয়ে সদৰি কৰিছে। ধৃত সদস্যদ্বয়ৰপৰা অভিযানকাৰী দলে দুটা গ্ৰেণেড, নগদ টকা, বেগ আদি জব্দ কৰিছে।