filephoto
filephoto

newsnextone.com | কোকৰাঝাৰঃ বহু প্ৰত্যাশিত এনআৰচিৰ সম্পূৰ্ণ খচৰা ৰাজ্যৰ আন জিলাসমূহৰ লগতে কোকৰাঝাৰ জিলাতোঁ সঠিক সময়তে  প্ৰকাশ কৰা হয় ৷ জিলাখনৰ ৯৭টা এনএছকেৰ দ্বাৰা ৯,২০,০০০ সদস্যৰ বাবে ২,০৩,৯০৬ খন আবেদন গ্ৰহণ কৰা হৈছিল আৰু  সোমবাৰে প্ৰকাশিত সম্পূৰ্ণ খচৰাত ইয়াৰে জিলাখনৰ কোকৰাঝাৰ ৰাজহ চক্ৰৰ ১,৮০,৭৩০ গৰাকী, দোতমা ৰাজহ চক্ৰৰ ৯৭,৪৪২ গৰাকী, গোসাইগাঁৱ ৰাজহ চক্ৰৰ ১,৬৫ ,৮৫০ গৰাকী, বগৰীবাৰী ৰাজহ চক্ৰৰ ৭৩,৫৭৭ গৰাকী আৰু ভাওৰাগুৰি ৰাজহ চক্ৰৰ ৭০,৫০৭ গৰাকী লোকৰ নাম তালিকাভুক্ত হৈছে৷

শতাংশৰ হিচাপত প্ৰায় ৯০% শতাংশ লোকৰ নাম খচৰাত সন্নিবিষ্ট হোৱাৰ বিপৰীতে প্ৰায় ১০% শতাংশ লোকৰ নাম খচৰাৰ পৰা বাদ পৰিছে বুলিও প্ৰশাসনৰ সূত্ৰত প্ৰকাশ৷ প্ৰকাশিত সম্পূৰ্ণ খচৰাত ৫নং কোকৰাঝাৰ জনজাতি লোকসভা সমষ্টি তথা ২৯নং পশ্চিম কোকৰাঝাৰ জনজাতি বিধানসভা সমষ্টিৰ দোতমা ৰাজহ  চক্ৰ আৰু ফকিৰাগ্ৰাম আৰক্ষী থানা এলেকাধীন চিথিলাঘোপ গাঁৱ নিৱাসী জাভেদ আলী মণ্ডলৰ পুত্ৰ চবুৰ আলী মণ্ডল ডি-ভোটাৰ সত্বেও খচৰাত নাম প্ৰকাশ হোৱাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷

এক বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে, ২০১৪ চনতেই চবুৰ আলী মণ্ডলৰ নাম কোকৰাঝাৰ লোকসভা সমষ্টিত প্ৰথমে ডি-ভোটাৰ ৰূপে সন্নিবিষ্ট হয়৷ পৰৱৰ্তী সময়ত ২০১৬ চনত ডি-ভোটাৰৰ আইনী জাননী পৰ্যন্ত লাভ কৰে৷ ইয়াৰ পিছতে যোৰহাট বিদেশী ন্যায়াধীকৰণে ২০১৭ চনৰ ২৪ ফেব্ৰুৱাৰীত চবুৰক এজন বিদেশী বুলি ঘোষণা কৰে৷

কিন্তু অতি আশ্চৰ্যজনকভাবে বিদেশী ন্যায়াধীকৰণ যোৰহাটে প্ৰদান কৰা ৰায়ৰ বিৰুদ্ধে চবুৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হোৱা উপৰি উচ্চতম ন্যায়ালয়ৰো কাষ চাপি আবেদন জনায় যদিও ২০১৭ চনৰ ১৫ ডিচেম্বৰত আবেদন নাকচ হয়৷ এইখিনিতে উল্লেখ কৰিব পাৰি যে বিগত এটা বছৰ ধৰি চবুৰ য়োৰহাট ডিটেনচন কেম্পৰ বাসিন্দা হৈ আছিল৷

কিন্তু ইমানৰ পিচতো চবুৰৰ নাম প্ৰকাশিত সম্পূৰ্ণ খচৰাত কেনেকৈ নিজৰ নাম সন্নিবিষ্ট কৰিবলৈ সক্ষম হল তাক লৈ সৃষ্টি হৈছে বহু প্ৰশ্ন আৰু ৰহস্যৰ৷ ইফালে চিথিলাঘোপৰ এক সূত্ৰই জানিব দিয়া অনুসৰি চবুৰৰ বিৰুদ্বে বিভিন্ন সময়ত নানা ধৰণৰ বিচাৰ-মোকদৰ্মা চলি থকা বুলি শুনিছে যদিও চবুৰ বৰ্তমান কত আছে সেয়া কোনেও নেজানে৷

এই বিষয়ত জিলা উপায়ুক্ত নিৰঞ্জন বৰুৱাৰ সৈতে যোগাযোগ কৰি জানিব পৰা মতে বিষয়টো প্ৰশাসনে নিৰীক্ষণ কৰি আছে বুলি জনায় ৷ উল্লেখ্য যে, জিলাখনত এনআৰচিৰ সম্পূৰ্ণ খচৰা প্ৰকাশ শান্তিপূৰ্ণ ভাৱে সম্পন্ন কৰাৰ ক্ষেত্ৰত জিলাবাসীৰ লগতে বিভিন্ন দল-সংগঠনে আগবঢ়োৱা সহায়-সহযোগিতাৰ বাবে জিলা উপায়ুক্তই ধন্যবাদ জ্ঞাপন কৰিছে৷