কোকৰাঝাৰঃ দুৰ্নীতি, ভ্ৰষ্টচাৰ, অনিয়ম দুৰ কৰাৰ প্ৰতিশ্ৰুতি দি শাসনৰ গাদী দখল কৰা চৰকাৰৰ নাকৰ তলতে সংঘটিত হ’ব ধৰিছে এটাৰ পিছত এটা অনিয়ম৷ ৰাজ্য চৰকাৰৰ অন্যতম তথা মিত্ৰজোটৰ অন্যতম অংশীদাৰী দল বিপিএফৰ দখলত থকা বিটিএডিৰ প্ৰতিটো বিভাগত ব্যাপক অনিয়ম সংঘটিত হৈ অহা বুলি অভিযোগ উত্থাপন হৈ আহিছে৷ বিটিএডিতৰ আন ঠাইত নালাগে সদৰ কোকৰাঝাৰত বিটিচি কৰ্তৃপক্ষৰ নাকৰ তলতে দুৰ্নীতিৰ বিৰুদ্ধে ৰাইজে প্ৰতিবাদ কৰিব লগা হৈছে৷
ৰাজহুৱা যোগান ব্যৱস্থাৰ সামগ্ৰী ৰাইজে লাভ কৰিছে নে নাই এই খবৰ নোলোৱাৰ ফলত একাংশ এজেন্টে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ সামগ্ৰী বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে৷ দীৰ্ঘদিনধৰি সুলভ মূল্যৰ সা-সামগ্ৰী সমূহ দুখীয়া ৰাইজৰ মাজত বিতৰণ নকৰাত আলকাছ আলি শ্বেখ নামৰ এগৰাকী লোকৰ বিৰুদ্ধে ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ওলাই আহে৷