ফাইল ফটো
ফাইল ফটো

কোকৰাঝাৰঃ দুৰ্নীতি, ভ্ৰষ্টচাৰ, অনিয়ম দুৰ কৰাৰ প্ৰতিশ্ৰুতি দি শাসনৰ গাদী দখল কৰা চৰকাৰৰ নাকৰ তলতে সংঘটিত হ’ব ধৰিছে এটাৰ পিছত এটা অনিয়ম৷ ৰাজ্য চৰকাৰৰ অন্যতম তথা মিত্ৰজোটৰ অন্যতম অংশীদাৰী দল বিপিএফৰ দখলত থকা বিটিএডিৰ প্ৰতিটো বিভাগত ব্যাপক অনিয়ম সংঘটিত হৈ অহা বুলি অভিযোগ উত্থাপন হৈ আহিছে৷ বিটিএডিতৰ আন ঠাইত নালাগে সদৰ কোকৰাঝাৰত বিটিচি কৰ্তৃপক্ষৰ নাকৰ তলতে দুৰ্নীতিৰ  বিৰুদ্ধে ৰাইজে প্ৰতিবাদ কৰিব লগা হৈছে৷

ৰাজহুৱা যোগান ব্যৱস্থাৰ সামগ্ৰী ৰাইজে লাভ কৰিছে নে নাই এই খবৰ নোলোৱাৰ ফলত একাংশ এজেন্টে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ সামগ্ৰী বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে৷ দীৰ্ঘদিনধৰি সুলভ মূল্যৰ সা-সামগ্ৰী সমূহ দুখীয়া ৰাইজৰ মাজত বিতৰণ নকৰাত আলকাছ আলি শ্বেখ নামৰ এগৰাকী লোকৰ বিৰুদ্ধে ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ওলাই আহে৷

আলকাছে সামগ্ৰী কলা বজাৰত বিক্ৰী কৰি মুনাফা লুটি থকাৰ সময়তে ৰাইজ হাতে লোটে ধৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ কোকৰাঝাৰ সদৰ থানাৰ অন্তৰ্গত মোকৰাপাৰা গাঁৱত সংঘটিত হোৱা বুলি ৰাইজে অভিযোগ কৰে৷ সুলভ মূল্যৰ দোকানী আলকাছ আলি শ্বেখে দুখীয়া ৰাইজৰ বাবে অহা চাউল আৰু কেৰাচিন বিতৰণ নকৰি কলা বজাৰত বিক্ৰী কৰি আহিছে৷

শনিবাৰে পুৱা প্ৰায় ১০-৪৫ বজাত সুলভ মূল্যৰ দোকানী আলকাছ আলি সেখে প্ৰায় ১০০ লিটাৰ কেৰাচিন চুৰি কৰি বিক্ৰী কৰি থকাৰ সময়তে ৰাইজে হাতে-লোটে ধৰে৷ অৱশ্যে সুলভ মূল্যৰ দোকানী আলকাছ আলি শ্বেখে সুযোগ বুজি পলায়ন কৰিছে যদিও আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা এম-এল-০৯-৫৮৬৮ নম্বৰৰ এখন গাড়ী জব্দ কৰি থানালৈ লৈ আহে৷ ঘটনা সন্দৰ্ভত ৰাইজে কোকৰাঝাৰ সদৰ থানাত এখন এজাহাৰ ৰুজু কৰিছে৷ এজাহাৰ দাখিলৰ পিছত আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে৷