কোকৰাঝাৰঃ বঙাইগাওঁ সদৰ চহৰৰ পৰা যোৱা ১৩ ফ্ৰেব্ৰুৱাৰীত অপহৃত হোৱা নবীন জৈন নামৰ ক্ষুদ্ৰ ব্যৱসায়ীগৰাকীক আজি বঙাইগাওঁ আৰু কোকৰাঝাৰ আৰক্ষীয়ে যৌথ অভিযান চলাই বাসুগাওঁ এলেকাৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হোৱাৰ লগতে কোকৰাঝাৰ আৰক্ষীয়ে দুটা অপহৰণকাৰীক আটক কৰিবলৈ সক্ষম হৈছে । কোকৰাঝাৰ আৰক্ষীয়ে জিলাখনৰ ছালাকাটি অঞ্চলৰ পৰা আটক কৰা অপহৰণকাৰীদ্বয় হ'ল ক্ৰমে থাইজুগুৰী নিৱাসী চন্দ্ৰ ওৱাৰীৰ পূত্ৰ মিজিং ওৱাৰী (৩০) অাৰু বড়ো কুৰ্শাকাটি নিৱাসী অপূৰ্ব ব্ৰহ্মৰ পূত্ৰ নিতুল ব্ৰহ্ম বুলি জিলা আৰক্ষী অধীক্ষক ৰাজেন সিঙে সদৰী কৰিছে ।

কোকৰাঝাৰ-বঙাইগাওঁ আৰক্ষীৰ সফলতা

উল্লেখ্য যে বঙাইগাওঁ সদৰ চহৰৰ পাঁচ নং ৱাৰ্ডত ভাড়াতীয়া হিচাপে থকা নবীন জৈন ১৩ ফেব্ৰুৱাৰীৰ সন্ধিয়া ৰহস্যজনকভাৱে অপহৃত হৈছিল । বঙাইগাওঁৰ বৰপাৰাত চাপৰ (গৰুৰ খাদ্য) বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰা নবীন জৈন অপহৃত হোৱাৰ পিছদিনা অৰ্থাৎ ১৪ ফেব্ৰুৱাৰীৰ দিনাখন অপহৃতৰ পৰিয়ালবৰ্গলৈ অচিনাক্ত কণ্ঠৰ পৰা এক ফোনকল আহে আৰু জৈন তেওঁলোকৰ কব্জাত আছে বুলি কৈ মুক্তিপণ হিচাপে এক কোটি টকা দাবী কৰে ।

অতি কম মূলধনেৰে দোকান আৰম্ভ কৰা নবীন জৈনৰ মুক্তিপণ হিচাপে এক কোটি টকা দাবী কৰাত পৰিয়ালৰ মুৰত সৰগ ভাগি পৰে আৰু বিষয়টো সন্দৰ্ভত বঙাইগাওঁ থানাত এজাহাৰ (নং ১৩০/২০১৭)দাখিল কৰে । আৰক্ষীয়ে গোচৰটো ভাৰতীয় দণ্ডবিধি আইনৰ ৩৬৫ নং ধাৰাত পঞ্জীয়ন কৰি তদন্ত খৰকতীয়া কৰি তোলে আৰু আজি কোকৰাঝাৰ আৰু বঙাইগাওঁ আৰক্ষীয়ে যৌথ অভিযান চলাই  বাসুগাওঁ অঞ্চলৰ পৰা অপহৃতক উদ্ধাৰ কৰাৰ লগতে ছালাকাটি এলেকাৰ পৰা দুই অপহৰণকাৰীক আটক কৰিবলৈ সক্ষম হয় ।

আনহাতে হানি ট্ৰেপিঙৰ কবলত পৰি জৈন অপহৃত হৈছিল নেকি সেই সন্দৰ্ভত সোধপোছৰ বাবে এগৰাকী মহিলাকো আটক কৰা কৰি সোধ-পোছ কৰি থকা  হৈছে বুলি আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে। বিশেষ সূত্ৰ অনুসৰি ক্ষুদ্ৰ ব্যৱসায়ী নবীন জৈন প্ৰকৃততে হানি ট্ৰেপিঙৰ কবলত পৰি অপহৃত হৈছিল আৰু ১৩ ফেব্ৰুৱাৰীৰ দিনাখন এগৰাকী মহিলাই পোন প্ৰথমে নৱীন জৈনক ডাংতললৈ নিছিল আৰু তাৰপিছত ডাংতলৰ পৰা মাৰুতীভেনেৰে কোকৰাঝাৰলৈ লৈ আহিছিল । কোকৰাঝাৰ আৰু বঙাইগাওঁ আৰক্ষীয়ে যৌথ অভিযান চলাই অপহৰণকাৰীদ্বয়ক আটক কৰাত  আৰু অপহৃত নৱীন জৈনক উদ্ধাৰ কৰাত পৰিয়ালৰ লোকে আৰক্ষীৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছে ।